হোজাইৰ  হুছেইন আহমদ নামৰ এজন লোক ব্যৱসায়ী সূত্ৰে থাইলেণ্ডত থাকে ৷ যোৱা ২৬ ডিচেম্বৰত তেওঁ থাইলেণ্ডৰ পৰা নিজ গৃহ চহৰলৈ বুলি থাই-স্মাইল নামৰ বিমানেৰে কলকাতালৈ আহিছিল ৷ যাত্ৰা পথত তেওঁ ককালত বিষ হোৱাত বহা অসন খন কিছু পৰিমানে হলাই দিছিল ৷ সেই অজুহাততে পিছফালৰ লোকজনে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পাছত বিমানখনতেই অহা আন একাংশ লোকে বেয়াকৈ প্ৰহাৰ কৰা বুলি ভুক্তভূগী যুৱ ব্যৱসায়ী জনে  ৷ পাছত আহত অৱস্থাৰেই তেওঁ নিজ গৃহলৈ আহে ৷ ইয়াৰ মাজতেই কোনো লোকে মাৰপিট কৰাৰ সেই ভিডিঅ নিজৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত মেলি দিয়ে ৷ মাৰপিট কৰাৰ এই ঘটনাই বিমানৰ সুৰক্ষা ব্যৱস্থা পোহৰলৈ লৈ আনে ৷ ভুক্তভূগী অসমৰ যুৱকজনে এতিয়া ন্যায় বিচাৰি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ ভুক্তভূগী যুৱকজন অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা বিশিষ্ঠ আগৰ ব্যৱসায়ী মুস্তাক আনফৰৰ আত্মীয় হয় ৷ এই ঘটনাই সমগ্ৰ হোজাই জিলাতেই ব্যাপক প্ৰতিক্ৰয়াৰ সৃষ্টি কৰিছে ৷ আনহাতে সমগ্ৰ ঘটনাটো নিন্দা কৰিছে হোজাই বাসীয়ে ৷