ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা আৰম্ভ।

সোৱণশিৰী কলেজত বৰ্ণাঢ্য উদ্ধোধনী অনুষ্ঠান।

লখিমপুৰ জিলাৰ সোৱণশিৰী মহাবিদ্যালয়ৰ সহযোগত আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় বোৰৰ মাজত অন্ত:মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা।

সোৱণশিৰী মহাবিদ্যালয় খেলপথাৰত লৰা ছোৱালীৰ দুটা শাখাত আয়োজিত এই ভলীবল প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৪০খনৰো অধিক মহাবিদ্যালযে অংশগ্রহণ কৰিছে বুলি আয়োজক সমিতিৰ সভাপতি সম্পাদকে জনাইছে।

মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা খনিৰ শুভ উদ্ধোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয় অধক্ষ্য  ডঃ সুৰজিৎ ভূঞাই।