দুগৰাকী কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ।

চৰাইদেউত লোক কল্যাণ দিৱস পালন

দুগৰাকী কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ।

সমগ্ৰ ৰাজ্যৰ লগতে আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগতো সোণাৰি ৰাজহুৱা প্ৰেক্ষাগহত লোক কল্যাণ দিৱস উদযাপন কৰা হয়। 

আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন। 

সভাৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলন কৰি মহান নেতাগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ 

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে নিজ বক্তব্যত কয় যে, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি লোক কল্যাণ দিৱস উদযাপন কৰা হৈছে৷ তেওঁ কয় যে, নিজৰ কৰ্মদক্ষতাৰে গোপীনাথ বৰদলৈয়ে অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক বিচক্ষণতাৰ চানেকি দাঙি ধৰিছিল। নৱ প্ৰজন্মই তেখেতৰ জীৱন-দৰ্শন আৰু কৰ্মৰাজী অধ্যয়নৰ জৰিয়তে নিজৰ জীৱনতো এই সমূহৰ প্ৰতিফলন ঘটালেহে এই দিৱস উদযাপনে সাৰ্থকতা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত লোকসেৱা বঁটা প্ৰাপক দুগৰাকী কৰ্মচাৰীক শুভেচ্ছা জনাই

কৰ্মচাৰীসকলৰ কৰ্মদক্ষতা বৃদ্ধি পালেহে ৰাজ্যৰ উন্নয়নী প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ কৰ্মচাৰীসকলক সততা, নিষ্ঠা, কৰ্মদক্ষতা আৰু সমৰ্পিত মনোভাবেৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জিলাবাসীক অহা ১৩ৰ পৰা ১৫ আগষ্টলৈ "হৰ ঘৰ তিৰংগা" কাৰ্যসচীত অংশগ্ৰহণ কৰি নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ কয়। তদুপৰি তেওঁ চৰকাৰী বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলক বিপুল হাৰত মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংগ্ৰহণ কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু উপায়ুক্ত পল বৰুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত সাৰগৰ্ভ অৱলোকন দাঙি ধৰে। 

আজিৰ অনুষ্ঠানত উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ফুলেশ্বৰ গগৈ আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক দুলাল গোহাঁইক লোকসেৱা বঁটা প্ৰদান কৰা হয়।

দুয়োগৰকী বঁটাপ্ৰাপকে একোখনকৈ প্ৰশংসা পত্ৰ, নগদ ২৫ হাজাৰ টকা আৰু অৱসৰৰ ম্যাদ এবছৰলৈ বৃদ্ধিৰ সুবিধা লাভ কৰিছে ৷

আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে।

আজিৰ অনুষ্ঠানত এ পি জি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, মহমৰাৰ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, বিশিষ্ট সমাজকৰ্মী কাজল দে' আৰু দিলীপ কোঁৱৰ, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।