চৰাইদেউ জিলাৰ মাহমৰা ৰাজহচক্ৰৰ অন্তৰ্গত মৰাণ অইল ইণ্ডিয়াৰ ঠিকা ভিত্তিক কামত স্থানীয় যুৱক- যুৱতীক সংস্থাপন নিদিয়াৰ প্ৰতিবাদত আজি অইলৰ মূল প্ৰৱেশ দ্বাৰৰ OCS আৰু DCS পথত বাঁহ বান্ধি পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে খুমটাই অঞ্চলৰ বহু পুৰুষ -মহিলাই। অঞ্চলটোৰ কোনো উন্নয়ণ মূলক কাম নকৰাৰ অভিযোগ তুলি প্ৰতিবাদ কাৰী সকলে পুৱাৰ পৰা এইকাৰ্য্যসূচী ৰূপায়ণ কৰে।অইলৰ প্ৰতিটো কামতে বাহিৰৰ পৰা মানুহ আনি সংস্থাপন দিয়াৰ লগতে স্থানীয় যুৱক -যুৱতী সকলক প্ৰতিটো কামতে বঞ্ছনা কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। বহুসময় ধৰি পথ অৱৰোধ কৰাৰ পাছত অইল কতৃপক্ষ আহি ৰাইজৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে অৱৰোধ উঠাই লয় স্থানীয় ৰাইজে।
মাহমৰাৰ মৰাণ অইল ইণ্ডিয়াৰ প্ৰৱেশ দ্বাৰত স্থানীয় লোকৰ বঞ্চনাৰ অভিযোগেৰে উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/12/nerity_0a9151a1b2848c9a0f4249ad3e4ae61c.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)