লাহৰীঘাটত ১৪ টা চুৰি বাইক সহ ৫ জনক আটক মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰীঘাট থানাৰ অন্তৰ্গত কছাৰীবড়ীৰ পৰা ১৪ টা চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, প্ৰথমে কছাৰীবড়ীৰ ছাদ্দাম হুছেইনৰ গেৰেজত অভিযান চলাই ১৪ খন চুৰি বাইকসহ ছাদ্দাম হুছেইনক আটক কৰিছিল।
পৰবৰ্তী সময়ত ছাদ্দাম হুছেইনৰ স্বীকাৰোক্তি চুৰি কাৰ্যৰ লগত জড়িত আন চাৰিজনক ব্যক্তিক আটক কৰে।
ধৃত লোক কেইটা ক্ৰমে ছাদ্দাম হুছেইন,হৰজত আলী ,হায়াৎ উল্লাহ,বাহাৰুল ইছলাম আৰু চৰিফ ইছলাম।
আৰক্ষীয়ে জব্দ কৰা ১৪ টা বাইকৰ ভিতৰত অধিকাংশ বাইক নম্বৰপ্লেট বিহীন।
ধৃত ৫ বাইক চোৰৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে 304/22, U/S 379/411/34 IPC ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।