ঢকুৱাখনাত কংগ্ৰেছ, গনশক্তিৰ শতাধিক কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন।

আগন্তুক পঞ্চায়ত, মিছিং স্বায়ত্ব শাসিত পৰিষদ  আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী দলত আৰম্ভ তীব্ৰ খহনীয়া।

আজি বিৰোধী দলত মোক্ষম আঘাত কৰি পূব ঢকুৱাখনাত ভাৰতীয় জনতা দলৰ নীতি আদৰ্শৰ তথা বিধায়ক নৱ কুমাৰ দলেৰ বিকাশ তথা কৰ্ম দক্ষতাৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে কংগ্ৰেছ, গনশক্তি দলৰ দুই শতাধিক লোক। বিজেপি ঢকুৱাখনা জিলা সমিতি অন্তৰ্গত মণ্ডল সমিতিৰ উদ্যোগতআয়োজিত যোগদান কাৰ্যসূচীৰ সম্পন্ন হয়।

ঢকুৱাখনাত অব্যাহত থকা যোগদান কাৰ্যসূচীযে সমাগত নিৰ্বাচনত বিশেষ ভূমিকা  ইংগিত বহন কৰিব পাৰে।

যোগদান কাৰ্যসূচীত জিলা সভাপতি প্ৰদীপ চমুৱা, মণ্ডল সভাপতি সুনীল দলে,যুৱ মৰ্চাৰ সভাপতি বিকুদৰ দাস সাধাৰণ সম্পাদক মিগম পেগুকে ধৰি বহু বিজেপি নেতা কৰ্মী উপস্থিত থাকে।।