ৰাজ্য চৰকাৰে শীঘ্ৰে পুনৰ নিযুক্তি প্ৰদান নকৰিলে লখিমপুৰ জিলাৰ ১০০ গৰাকী বিশেষ আৰক্ষী বিষয়াই আৰম্ভ কৰিব আন্দোলনৰ কাৰ্যসুচী ৷ আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সদৌ লখিমপুৰ জিলা বিশেষ আৰক্ষী বিষয়া সন্থাই এই কথা জানিবলৈ দিয়ে ৷ প্ৰয়াত তৰুন গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২০১২ চনত বিশেষ আৰক্ষী বিষয়া ৰুপে ৰাজ্যত কেবা হাজাৰ যুৱকক নিযুক্তি প্ৰদান কৰিছিল ৷ ২০১৬ চনৰ জুন মাহলৈকে কৰ্তব্য সম্পাদন কৰাৰ পাছত ৰাজ্য চৰকাৰে তেওঁলোকৰ পদ বিলুপ্তি কৰি সেৱাৰ পৰা বঞ্চিত কৰে যদিও পৰ্যায়ক্ৰমে ৰাজ্যৰ অন্য জিলাসমুহত পুনৰ নিযুক্তি প্ৰদান কৰি যুৱকসকলক সংস্থাপন কৰিলে যদিও এইক্ষেত্ৰত বাদ পৰি ৰ’ল লখিমপুৰ জিলাৰ ১০০ গৰাকী যুৱক ৷ জিলাখনৰ বঞ্চিত যুৱকসকলে বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিও আজিকোপতি পুনৰ মৰকল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে জীৱনৰ গুৰুত্বপূৰ্ণ সময় চোৱাত বিশেষ আৰক্ষী বিষয়া ৰুপে সেৱা আগবঢ়াই অহাৰ বাবে অন্য চাকৰি অথবা সংস্থাপনৰ কোনো ব্যৱস্থা কৰিব নোৱাৰা যুৱকসকল সম্প্ৰতি কৰ্মহীন হৈ পৰিছে ৷ আজি সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক শীঘ্ৰে সকলো বঞ্চিত যুৱকক পুনৰ নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনাই ৷ অন্যথা জিলাখনত শীঘ্ৰে এলানী বৃহৎ আন্দোলনৰ কাৰ্যসুচী আৰম্ভ কৰিব বুলি সংবাদমেলত জিলাখনৰ বিশেষ আৰক্ষী বিষয়া সন্থাৰ হৈ সভাপতি প্ৰাণজিৎ ভূঞা আৰু সম্পাদক ৰমেন গোস্বামীয়ে কয় বছৰৰ পাছত বছৰ ধৰি চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে শীঘ্ৰে পুনৰ নিযুক্তিৰ প্ৰদান নকৰিলে আগন্তুক অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনত তেওঁলোকে দুৰ্ভগীয়া পৰিয়ালৰ সৈতে ভিক্ষা বৃত্তি গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়াৰ লগতে বক্ৰ পথ অৱলম্বন কৰিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মূৰত নাই হেলমেট, আইন ভংগ কৰি বাইক চলালে বিধায়ক প্ৰশান্ত ফুকনে
এইবাৰ জনতা নহয়, খোদ জনপ্ৰতিনিধিয়ে ভংগ কৰিলে ট্ৰেফিক আইন। মূৰত হেলমেট পৰিধান নকৰাকৈ ৰাজপথত বাইক...
અમદાવાદ ઇસ્કોન હિટ એન્ડ રન કેસમાં રાજ્યના ગૃહમંત્રી હર્ષ સંઘવીની પ્રેસ કોન્ફરન્સ...
અમદાવાદ ઇસ્કોન હિટ એન્ડ રન કેસમાં રાજ્યના ગૃહમંત્રી હર્ષ સંઘવીની પ્રેસ કોન્ફરન્સ...
बीसीएमओ सुल्तानपुर डॉ राजेश सामर को स्वतंत्रता दिवस पर प्रशस्ति पत्र एवं मोमेंटो देकर मंत्री मदन दिलावर एवं जिला कलेक्टर डॉ. रविन्द्र गोस्वामी ने किया सम्मानित ।
सुल्तानपुर. देश के 78 वे स्वतंत्रता दिवस के अवसर पर कोटा जिला प्रशासन द्वारा आयोजित जिला स्तरीय...
পশ্চিম বকতাত বানৰ সংহাৰী ৰূপ, বহুকেইখন গাওঁ বানৰ কবলত
শিৱসাগৰৰ জিলাৰ পশ্চিম বকতাত বানৰ সংহাৰী ৰূপ ৷ দিচাং আৰু দিৰৈ নদীৰ ওভতনি পানীয়ে মহাসাগৰলৈ পৰিণত...