ৰাজ্য চৰকাৰে শীঘ্ৰে পুনৰ নিযুক্তি প্ৰদান নকৰিলে লখিমপুৰ জিলাৰ ১০০ গৰাকী বিশেষ আৰক্ষী বিষয়াই আৰম্ভ কৰিব আন্দোলনৰ কাৰ্যসুচী ৷ আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সদৌ লখিমপুৰ জিলা বিশেষ আৰক্ষী বিষয়া সন্থাই এই কথা জানিবলৈ দিয়ে ৷ প্ৰয়াত তৰুন গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২০১২ চনত বিশেষ আৰক্ষী বিষয়া ৰুপে ৰাজ্যত কেবা হাজাৰ যুৱকক নিযুক্তি প্ৰদান কৰিছিল ৷ ২০১৬ চনৰ জুন মাহলৈকে কৰ্তব্য সম্পাদন কৰাৰ পাছত ৰাজ্য চৰকাৰে তেওঁলোকৰ পদ বিলুপ্তি কৰি সেৱাৰ পৰা বঞ্চিত কৰে যদিও পৰ্যায়ক্ৰমে ৰাজ্যৰ অন্য জিলাসমুহত পুনৰ নিযুক্তি প্ৰদান কৰি যুৱকসকলক সংস্থাপন কৰিলে যদিও এইক্ষেত্ৰত বাদ পৰি ৰ’ল লখিমপুৰ জিলাৰ ১০০ গৰাকী যুৱক ৷ জিলাখনৰ বঞ্চিত যুৱকসকলে বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিও আজিকোপতি পুনৰ মৰকল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে জীৱনৰ গুৰুত্বপূৰ্ণ সময় চোৱাত বিশেষ আৰক্ষী বিষয়া ৰুপে সেৱা আগবঢ়াই অহাৰ বাবে অন্য চাকৰি অথবা সংস্থাপনৰ কোনো ব্যৱস্থা কৰিব নোৱাৰা যুৱকসকল সম্প্ৰতি কৰ্মহীন হৈ পৰিছে ৷ আজি সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক শীঘ্ৰে সকলো বঞ্চিত যুৱকক পুনৰ নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনাই ৷ অন্যথা জিলাখনত শীঘ্ৰে এলানী বৃহৎ আন্দোলনৰ কাৰ্যসুচী আৰম্ভ কৰিব বুলি সংবাদমেলত জিলাখনৰ বিশেষ আৰক্ষী বিষয়া সন্থাৰ হৈ সভাপতি প্ৰাণজিৎ ভূঞা আৰু সম্পাদক ৰমেন গোস্বামীয়ে কয় বছৰৰ পাছত বছৰ ধৰি চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে শীঘ্ৰে পুনৰ নিযুক্তিৰ প্ৰদান নকৰিলে আগন্তুক অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনত তেওঁলোকে দুৰ্ভগীয়া পৰিয়ালৰ সৈতে ভিক্ষা বৃত্তি গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়াৰ লগতে বক্ৰ পথ অৱলম্বন কৰিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ PGVCL દ્વારા 953 વીજ કનેક્શન ચેક કરાતા 118 સ્થળોએ ગેરરીતી સામે આવી, 19.5 લાખની વીજ ચોરી ઝડપાઇ
PGVCL દ્વારા સતત ત્રીજા દિવસે વીજ ચેકિંગ પ્રક્રિયા હાથ ધરી હતી જેમાં જસદણ, જામનગર અને ધાંગધ્રા...
સાંસ્કૃતિક ધરોહરને ઉજાગર કરવા બદલ બનાસકાંઠાના ચાર કલા સંવર્ધકોને અતુલ્ય વારસો આઈડેન્ટિટી એવૉર્ડ 2022 વડે નવાજવામાં આવ્યા
રાજ્યના સાંસ્કૃતિક વારસાના જતન માટે કડીબદ્ધ અને કટિબદ્ધ એવી ગાંધીનગરની એન.જી.ઓ. હિસ્ટોરીકલ એન્ડ...
कर्मचारियों के लिए बड़ी खुशखबरी है. देश में श्रम सुधार के लिए केंद्र सरकार जल्द ही 4 नए लेबर कोड लागू करने वाली है.
कर्मचारियों के लिए बड़ी खुशखबरी है. देश में श्रम सुधार (Labor Reform) के लिए केंद्र सरकार...
শিমলুগুৰিত অভিৰুচি ক্ৰীড়া দিৱস
নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত শিমলুগুৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিমলুগুৰি ভলীবল...