১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হৈ যোৱা এমহীয়া প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰা সমল ব্যক্তি তথা শিক্ষাগুৰুসকলক আজি সম্বদ্ধনা জনোৱা হয় ৷ বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত যোৱা তিনি জুলাইৰ পৰা অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ পদৰ বাবে এমহীয়া প্ৰশিক্ষণ কৰ্মশালা ৷ আজি সকলো সমল ব্যক্তি তথা শিক্ষাগুৰুসকলক বিধায়ক অমিয় কুমাৰ ভূঞাৰ লগতে দক্ষতা বিকাশ সমিতিৰ দ্বাৰা সম্বদ্ধনা জনোৱা হয় ৷