আজি শুক্ৰবাৰে বিশ্বনাথ চাৰিালিৰ ৰাজীৱ ভৱনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত বিশ্বনাথ জিলা সভাপতি দিলীপ বৰুৱা নেতৃত্বত মুল্যবৃদ্ধি লগতে বিভিন্ন সমস্যাৰ দাবীত প্ৰতিবাদি কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি চৰকাৰে মুল্যবৃদ্ধি ভয়ংকৰ নিবনুৱা সমস্যা অসমৰ বান সাহায্যক লৈ ৰাজনীতি অাৰু অত্যাৱশ্যকীয় সামগ্ৰীত জি এচ টি অাৰোপৰ বিৰুদ্ধে এই প্ৰতিবাদি কাৰ্যসূচী ৰূপায়ণ কৰে । 

বিশ্বনাথ জিলা কংগ্ৰেছে বিশ্বনাথ নগৰস্থিত ৰাজীৱ ভৱনৰ পৰা শতাধিক প্ৰতিবাদ কাৰীয়ে সমদক কৰি উপায়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ যাওতেই ৰাজীৱ ভৱনৰ সন্মিখত প্ৰতিবাদকাৰী সকলক বিশ্বনাথ জিলা আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে ১৪৪ ধাৰা ভংগ কৰাৰ অভিযোগ তোলে। ইফালে প্ৰতিবাদকাৰী প্ৰতিবাদ কৰি উপায়ুক্ত কাৰ্যলয়ত ৰাওনা হব ধৰোঁতে বিশ্বনাথ অাৰক্ষীয়ে বাধা প্ৰদান কৰি প্ৰতিবাদ স্থলিতে বিশ্বনাথ জিলা প্ৰশাসনিক বিষয়া স্মাৰক পত্ৰ গ্ৰহণ কৰে । বিশ্বনাথ জিলা কংগ্ৰেছেৰ সভাপতি দিলীপ বৰুৱা নেত্ৰীত্বত বিশ্বনাথ বিভিন্ন পদমৰ্যাদা বিষয়ববীয়া প্ৰতিবাদ কাৰী সকলেও চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি আকাশ বতাহ কপাই তুলে।