সোণাৰিৰ নাফুকত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে সজাগতা সভা সম্পন্ন

সোণাৰি, ৫ আগষ্ট, ২০২২ঃ- বিশ্ব স্তনপান সপ্তাহ-২০২২ ৰ লগত সংগতি ৰাখি আজি চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত নাফুক গ্ৰান্ট নং ৩ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত এখনি সজাগতা সভা অনুষ্ঠিত হয় । সভাত অভয়পুৰ প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া মিৰান্দা সোণোৱাল কয় যে, "শিশুসকলক সুস্বাস্থ্যৰ গৰাকী কৰি তুলিবলৈ হ'লে ছমাহ বয়সলৈকে কেৱলমাত্ৰ মাতৃদুগ্ধ খোৱাব লাগে । ছমাহ হোৱাৰ পাছতহে মাতৃদুগ্ধৰ লগতে পৰিপূৰক আহাৰ দিব লাগে ।

             সভাৰ লগত সংগতি ৰাখি কণ কণ শিশুসকলৰ মাজত স্বাস্থ্যবান শিশুৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হয় । লগতে উপস্থিত ৰাইজৰ মাজত এখনি কুইজ প্ৰতিযোগিতাৰ লগতে শোভাযাত্ৰা উলিওৱা হয় 

             আজিৰ সভাত অভয়পুৰ প্ৰকল্পৰ মুখ্য সেৱিকাসকলৰ লগতে পোষণ অভিযানৰ কৰ্মচাৰী ক্ৰমে ভাস্কৰজ্যোতি কটকী আৰু তৃষ্ণা  বৰগোঁহাই, অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ উপৰিও ভালেসংখ্যক প্ৰসূতি মাতৃ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।।।"