গ্ৰামাঞ্চলত অসাৰ প্ৰতিপন্ন হৈছে জলজীৱন মিছন আঁচনি ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে আজিও হাহাকাৰ কৰিছে এটা বিশেষ অঞ্চলৰ ৰাইজে । খোদ কৃষিমন্ত্ৰীৰ গৃহসমষ্টিত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত এখন গাঁৱৰ প্ৰায় দুই শতাধিক পৰিয়াল। বোকাখাত সমষ্টিৰ ৰঙামাটি চেউনী গাঁৱত অসাৰ প্ৰতিপন্ন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাসী পানীযোগান আঁচনি । ৩০০ ঘৰ ৰাইজৰ সুবিধাৰ বাবে জলজীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা পানীযোগান আঁচনিৰ পানী লাভ কৰে মাত্ৰ ৫০ ঘৰ লোকে । গাঁওখনৰ প্ৰতিঘৰতে আঁচনি অনুসৰি বহুৱালে পাইপ,পানীৰ টেপ । কিন্তু নাহে পানী । হাবি জংঘলেৰে আৱৰি ধৰিছে পানীৰ টেপ ৷ বোকাখাত সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চেউনী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি ভুগি আহিছে খোৱাপানীৰ সমস্যাত । বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ বাবে আজিকোপতি বহুজনৰ হৈছে বিভিন্ন ৰোগ। জনস্বাস্থ্য লৈ ভাবুকি কঢ়িয়াই অনা জলন্ত সমস্যাটো গুৰুত্ব আৰোপ কৰি শীঘ্ৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিবলৈ কেবিনেট মন্ত্ৰী অতুল বৰাক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।
বোকাখাতৰ ৰঙামাটি চেউনী গাঁৱত অসাৰ প্ৰতিপন্ন জল জীৱন মিছন: বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ তিনি শতাধিক পৰিয়াল
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_3ef89331200592df34830d3248d89978.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)