সোণাৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনত অনিয়ম, উপায়ুক্তক স্মাৰকপত্ৰ আছুৰ

সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত চফ্ৰাই গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অৱণ্টনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগে পঞ্চায়ত এলেকাটোৰ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ জীৱন যাপন পদ্ধতি উন্নত কৰাৰ মানসেৰে চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাত অধিক গুৰুত্ব আৰোপ কৰিছে যদিও একাংশ অসৎ লোকৰ বাবে সমগ্ৰ পঞ্চায়তীৰাজ ব্যৱস্থাটো সময়ে সময়ে বুমেৰাঙৰ নামান্তৰ হৈ পৰিছে। উল্লেখযোগ্য যে,

সোণাৰিৰ পশ্চিম অভয়পুৰ উন্নয়ণ খণ্ড (সোণাৰি)ৰ অন্তৰ্গত চফ্ৰাই গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অৱণ্টনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰি চফ্ৰাই আঞ্চলিক ছাত্র সন্থাই আজি চৰাইদেউ জিলাৰ উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে। চফ্ৰাই আছুৰ সভাপতি মানসজ্যোতি সন্দিকৈ আৰু সাধাৰণ সম্পাদক পল্লৱ কাকতিয়ে উপায়ুক্ত গৰাকীক প্ৰদান কৰা স্মাৰকপত্ৰ খনত এইবুলি উল্লেখ কৰিছে যে, চফ্ৰাই গাঁও পঞ্চায়তটোৰ অধীনস্থ বিভিন্ন ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টন লাভ কৰা হিতাধিকাৰীৰ নামৰ তালিকা শেহতীয়া কৈ প্রকাশ পাইছে। কিন্তু উন্নয়ণ খণ্ডটোৰ খণ্ড উন্নয়ণ বিষয়া গৰাকীৰ লগতে পঞ্চায়তটোৰ সভাপতি, সম্পাদক আৰু ৱাৰ্ড সদস্যসকলে উক্ত তালিকাৰ পৰা একাংশ হিতাধিকাৰীৰ নাম কর্তন কৰিছে বুলি পত্ৰখনত অভিযোগ কৰা হৈছে। পঞ্চায়তটোৰ বহু সংখ্যক প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ বিপৰীতে নিজৰ পছন্দৰ অৰ্থিকভাৱে সৱল ব্যক্তিক চৰকাৰী গৃহ আৱণ্টন দিয়াৰ তথ্য পোৱা গৈছে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। সেয়ে এই সন্দৰ্ভত এক উচিত তদন্ত কৰি ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰখনত দাবী জনোৱা হৈছে । এক উচিত তদন্তৰ জৰিয়তে আগন্তুক ১৫ দিনৰ ভিতৰত দোষী ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা নকৰিলে চফ্রাই আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এক গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।