অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন গোপীনাথ বৰদলৈ পূণ্যতিথিৰ দিনটোৰ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ সেই উদ্দেশ্যে আজি সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিৱসটি উদযাপন কৰা হয়।
উক্ত অনুষ্ঠানটিত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, APGCL ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, সোণাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজকৰ্মী কাজল দেৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।