বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড। চোৰে চাফাই অভিযান চলালে বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰত।আজি পুৱা পোহৰলৈ আহে এই ঘটনা।
উল্লেখ্য যে যোৱা নিশা বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰৰ মূল মন্দিৰৰ তলা ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হয়।
যাৰ বাবে চোৰে মন্দিৰৰ গুডাম ঘৰৰ পকাৰ ভেন্টিলেচন ভাঙি লৈ যায় চিচি টিভিৰ মনিটৰৰ লগতে ডি.ভি.আৰ। ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। আনহাতে চোৰে মন্দিৰত চুৰি কৰাৰ পূৰ্বে চাকি বন্তিও জলালে।
 
  
  
   
  
  
   
   
  