চৰাইদেউ জিলাৰ সোণাৰিত ভাৰত ৰত্ন তথা অসমৰ প্ৰথম জন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্য তিথি উপলক্ষে লোক কল্যাণ দিৱস আয়োজন।
অসম চৰকাৰৰ পৃষ্ঠপোষকতাত তথা চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত পল বৰুৱা, APGCLৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজকৰ্মী কাজল দে' ৰ উপৰিও বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।