ক্ষেত্ৰী আৰক্ষীলৈ অহা এটি ফোনকলৰ পম খেদি ক্ষেত্ৰী আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক প্ৰশান্ত গোস্বামী আৰু কনিষ্ঠবল জীৱনজ্যোতি নাথে সুদুৰ জম্মু-কাশ্মীৰৰ নগ্ৰাম শ্ৰীনগৰৰ পৰা আঢ়ৈমাহ পূৰ্বে ক্ষেত্ৰীৰ পৰা নিৰুদ্দিষ্ট হোৱা এজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাত ১১ জুনৰ সন্ধিয়া ক্ষেত্ৰীৰ বেঙেনাবাৰীৰ পৰা নিৰুদ্দিষ্ট হৈছিল মনেশ্বৰ ডেকা আৰু দীপালি ডেকাৰ একমাত্ৰ পুত্ৰজন।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি নোপোৱাত ১২ জুন তাৰিখে ক্ষেত্ৰী আৰক্ষীক পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰাইছিল।

ক্ষেত্ৰী আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান ৰখাৰ সময়তেই নিৰুদ্দিষ্ট কিশোৰজনে নিজেই পৰিয়ালৰ লোকক কাশ্মীৰত আৱদ্ধ হৈ থকাৰ কথা ফোনযোগে শুকুৰবাৰে অৱগত কৰে।

ইয়াৰ পিছতেই ক্ষেত্ৰী আৰক্ষীৰ দলটোৱে সুদূৰ জম্মু-কাশ্মীৰত শনিবাৰে উপস্থিত হৈ নগ্ৰাম শ্ৰীনগৰ আৰক্ষী থানাৰ সহযোগত কিশোৰজনক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিশোৰজনে জনোৱা অনুসৰি কোনো অচিনাক্ত লোকে তেওঁক ফুচুলাই নি তেওঁক কামত নিয়োগ কৰিছিল।

দেওবাৰে নিশা নিৰুদ্দিষ্ট কিশোৰসহ ক্ষেত্ৰী আৰক্ষীৰ দলটো ক্ষেত্ৰীত উপস্থিত হৈ কিশোৰজনক পৰিয়ালৰ লোকক চমজাই দিয়ে।

ক্ষেত্ৰী আৰক্ষীৰ এই যোগাত্মক ভূমিকাৰ বাবে পৰিয়ালৰ লোকে প্ৰশংসা কৰিছে আৰক্ষীক।