কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মুক্তি যুঁজাৰু পেঞ্চনাৰ, নাজিৰা মহকুমা অন্তৰ্গত আমগুৰি ৰাজহ চক্ৰৰ বৰাহীবাৰী মাউৎ গাওঁৰ নিবাসী মুক্তিযোদ্ধা পূৰ্ণানন্দ তামুলীৰ ৯৬ বছৰ বয়সত আজি পুৱা ৭.১৫ বজাত নিজ বাসগৃহত দেহাৱসান ঘটে। প্ৰবীণ মুক্তি যুঁজাৰু গৰাকীৰ বিয়োগত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে কৰা শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰয়াত মুক্তি যুঁজাৰু গৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতে প্ৰয়াত মুক্তি যুঁজাৰু গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে । 

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

মৃত্যুৰ সময়ত মুক্তি যোদ্ধা গৰাকীয়ে পত্নীৰ উপৰিও সাতজন পুত্ৰসহ বহু আত্মীয়ক এৰি থৈ যায়। 

প্ৰয়াত মুক্তি যুঁজাৰু গৰাকীৰ শেষকৃত্য অনুষ্ঠানত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, নাজিৰা ৰাজহ চক্ৰ বিষয়া ভান লাল লিম্পুইয়া নাম্পুই, মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত, আমগুৰি ৰাজহ চক্ৰ বিষয়া মিতালী লাহন, শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্থাৰ সাধাৰণ সম্পাদক ধীৰেন চেতিয়া, ৰাজ্যিক মুক্তি যুঁজাৰু সন্থাৰ কাৰ্যবাহী সদস্যসকল, জিলা মুক্তি যুঁজাৰু সন্থাৰ কাৰ্যবাহী সদস্যসকলৰ উপৰি জিলা আৰু মহকুমা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।