দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সৰাবাৰী অধিবেশনৰ লাইখুঁটা স্থাপন

দেওমৰনৈৰ সমীপৰ সৰাবাৰীত দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক দ্বিবাষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়। সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক উৎসৱ মুখৰ পৰিবেশত অধিৱেশনৰ লাই খুঁটা স্থাপন কৰে বুঢ়ীনগৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা জীতেন হাজৰিকাই ৷ সমাগত ২০২৩ বৰ্ষৰ ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া অধিবেশনৰ লাই খুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, সম্পাদক গৌতমানন্দ্ৰ গোস্বামী, সৰাবাৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়া নাৰায়ণ শৰ্মা, ভদ্ৰকান্ত কলিতা, দীপক ৰায় বৰুৱা, ভূপেন কলিতা, জোৎস্না হাজৰিকা আৰু সাহিত্যনুৰাগী সকল।