নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তৱৰ্তী ৰাজগড় আৰু শিমলুগুৰিত এজাক বনৰীয়া হাতীৰ বিচৰণে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বনৰীয়া হাতীৰ জাকটোৱে পকা ধান খাই-গছকি ধাননি পথাৰ তহিলং কৰাৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতিও অনিষ্ট কৰিছে ৷ অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা অহা হাতীৰ জাকটোয়ে বিগত কিছুদিন ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে ৷ এদিন পূৰ্ৱে ৰামপুৰ গাঁৱত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত ৰাইজে ওৰেনিশা ভোটা জুই লৈ খেদি খেদি পুৱতি নিশা পাহাৰলৈ খেদি পঠোৱাৰ পাছত যোৱাৰাতি পুনৰ শিমলুগুৰি অঞ্চলত তাণ্ডৱ চলাই ৷ ৰাইজে আতচবাজী,ঢোল তাল, পেপা আদি ব্যৱহাৰ কৰাৰ লগতে প্ৰত্যেকঘৰৰ সন্মুখত জুই জ্বলাই হাতী দেখাৰ চেষ্টা কৰি প্ৰায় ২ বজালৈকে অঞ্চলটোত এক আতংকময় পৰিবেশ বিৰাজ কৰে ৷ উল্লেখ্য যে আজি কেইবাদিনো ধৰি শিমলুগুৰি অঞ্চলত হাতীজাকটোৰ বাবে ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে ৷ বন বিভাগে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી માં ટ્રેન હડફેટે અજાણ્યા રાહદારી નું મોત
ટ્રેન હડફેટે અજાણ્યા રાહદારી નું મોત , યુવકની લાશને પીએમ માટે ખસેડી અમરેલીમા ગત બપોરના બેયેક...
અમદાવાદ: નવાવાડજ ખાતે વિશ્વકર્મા સમાજ યુવા સંગઠન ટીમ દ્વારા વિદ્યાર્થીઓ માટે ચોપડા વિતરણ કાર્યક્રમ
અમદાવાદ: નવાવાડજ ખાતે વિશ્વકર્મા સમાજ યુવા સંગઠન ટીમ દ્વારા વિદ્યાર્થીઓ માટે ચોપડા વિતરણ કાર્યક્રમ
টীয়কত শিল্পী নীল পৱন বৰুৱাৰ এখনি অভিনন্দন গ্ৰন্থ উন্মোচন অনুষ্ঠান
টীয়কত শিল্পী নীল পৱন বৰুৱাৰ এখনি অভিনদন গ্ৰন্থ উন্মোচন অনুষ্ঠান
મહિલા સશક્તિકરણ નુ આયોજન
આજ રોજ અમદાવાદ ના નારોલ વિસ્તાર માં આકૃતિ ટાઉનશિપ માં મિશન ન્યુ ઇન્ડિયા , મહિલા સહાય કેન્દ્ર PBSC...
मशहूर कॉमेडियन राजू श्रीवास्तव को दी गई श्रद्धांजलि।
मशहूर कॉमेडियन राजू श्रीवास्तव के निधन पर गोरखपुर में भी उनको चाहने वाले शोक में डूबे।...