অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে আজি মাহমৰাৰ আৰ্থিক ভাৱে দুৰ্বল লোকসকলক চিকিৎসাৰ বাবে চেক প্ৰদান কৰে। মাহমৰা সমষ্টিৰ বিধায়ক গৰাকীয়ে আজি নিজ বাসগৃহত এই চেক প্ৰদান কৰে। মাহমৰা সমষ্টিৰ কেইবা গৰাকী আৰ্থিকভাৱে অসমৰ্থলোকক চিকিৎসাৰ বাবে সহায় আগবঢ়ায়।