নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ত যোগদানৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত পুনৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষীয়ে তাৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক।

আটকাধীন যুৱকজন আনাৰুল হক বুলি চিনাক্ত কৰা হৈছে। 

যুৱকজনে আলফাৰ ফেইচবুক পেজৰ জৰিয়তে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদানৰ প্ৰচেষ্টা চলাইছিল বুলি আক্ষীয়ে জনায়। 

ৰূপহীহাট আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰি অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে।