পশ্চিম নলবাৰী অঞ্চলৰ আগশাৰী শিক্ষানুষ্ঠান বিষ্ণু জ্যোতি একাডেমীৰ সপ্তম বাৰ্ষিক একাডেমী সপ্তাহ, সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন।
নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিষ্ণুজ্যোতি একাডেমীৰ সপ্তম বাৰ্ষিক একাডেমী সপ্তাহ উপলক্ষে শিক্ষানুষ্ঠানখনৰ পৰা প্ৰায় ৩ কি:মি: বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । উক্ত সাংস্কৃতিক শোভা যাত্ৰা উদ্বোধন কৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰীযুতা অৰ্পনা শমাই।উক্ত অনুষ্ঠানত উপস্হিত থাকে একাডেমীৰ অধ্যক্ষ প্ৰদীপ ভাগৱতী ,মুখ্য উপদেষ্টা ড° দিবাকৰ গোস্বামী ,সমন্বয়ক অনন্ত বৰ্মনৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু অভিভাৱক-অভিভাৱিকা সকল । দৌল যাত্ৰা, অসমীয়া সাজ-পাৰ , মাছ-মৰীয়া ছোৱালী , অসমৰ ৰোৱনী, জনজাতীয় সাজ-পাৰ, বিহু দল, মহোহোৰ দল, সত্ৰীয়া নৃত্য , অসমৰ উৎসৱ পাৰ্বন , অসমৰ জাতীয় উৎসৱ, দৰা কইনা , ভাগৱত যাত্ৰা , নাৰী শক্তি, দূৰ্গা দেৱী, পানী তোলা মহিলাৰ দল ,ঝুমুৰ নৃত্য, গ্ৰাম্য অৰ্থনীতি আদিকে ধৰি প্ৰায় ২২ টা দলে অংশ গ্ৰহন কৰা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে যথাক্ৰমে অসমৰ জাতীয় উৎসৱ,নাৰী শক্তি , দৌল যাত্ৰা আৰু জনজাতীয় সাজ-পাৰ লগতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে হনুমান আৰু পৰশুৰামৰ চৰিত্ৰই ।