চৰাইদেউৰ সাপেখাতিত উপায়ুক্তৰ দ্বাৰা বাদ পৰি যোৱা শিশু সকলৰ বিশেষ টীকাকৰণ অভিযান- ০.২ -ৰ শুভাৰম্ভ
সমগ্র ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো বিশেষ টীকাকৰণ অভিযান আৰম্ভ হৈছে। সাপেখাতি খণ্ড প্ৰাথমিক চিকিৎসালয়ত আজি বিশেষ টীকাকৰণ অভিযান- ২.০ -ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। এই অভিযানৰ জৰিয়তে জন্মৰ পৰা দুবছৰ বয়সৰ শিশু সকলৰ টীকাকৰণ সম্পূৰ্ণ নোহোৱা আৰু বাদ পৰি যোৱা জিলাখনৰ শিশুসকলৰ টীকাকৰণ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যৰে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, এই অভিযানৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ টি ডি ভেকচিন প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। উক্ত শুভাৰম্ভনি অনুষ্ঠানত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ তৌফিক হুছেইন, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডঃ হেমন্ত বাইলুঙৰ লগতে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।