নাজিৰা মহাবিদ্যালয়ত যোৱা ১৩ ডিচেম্বৰত ভাৰতীয় সেনাবাহিনীৰ ১৪ নং ৰাজপুত ৰেজিমেন্টৰ এটা দলে ভাৰতীয় সেনাৰ প্ৰতি ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰি , প্ৰজেক্টৰৰ সহায়েৰে চি,ডি,এ আৰু এন,ডি,এ কি আৰু কেনেকৈ যোগদান কৰিব পাৰিব সেই সন্দৰ্ভত এটা সজাগতা সভা অনুষ্ঠিত কৰে ৷ ভাৰতীয় সেনাত ভৰ্তি হৈ কি কি সা-সুবিধা পাব পাৰি তাৰ ওপৰত ব্ক্তব্য আগবঢ়াই মেজৰ দেৱানচো চৌহানে । তেখেতে লগতে ভাৰতীয় সেনাত সংস্থাপন পোৱাৰ সুবিধা সমূহৰ কথা ব্যক্ত কৰি কেনেকৈ উচ্তৰ মাধ্যমিক আৰু স্নাতক যুৱক যুৱতীয়ে চাকৰি কৰিব পৰাৰ সুবিধা পাব পাৰি তাৰ ওপৰত বিষদভাৱে মন্তব্য কৰে । যদি কোনো ইচ্ছুক ছাত্ৰ-ছাত্ৰী ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰে, তেন্তে তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিষয়া জনে । তেওঁলোকে প্ৰশিক্ষণ দিয়া গড়গাঁও কলেজৰ দুগৰাকী ছাত্ৰীয়ে ভাৰতীয় সেনাত যোগদান কৰিবলৈ সক্ষম হয় বুলি জনাই ।অগ্নিবীৰত নিযুক্তি হ’বলৈ কিদৰে প্ৰস্তুতি চলাব সেই সম্পৰ্কেও অৱগত কৰে এই সভাত ৷

  এই বিষয়ে সবিশেষ জানিব বা ছাত্ৰ-ছাত্ৰীৰ ভাৰতীয় সেনাত যোৱাৰ সপোন তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনাই বিষয়া জনে চণ্টক আৰ্মী কেম্পত । অনাগত দিনত আহিব লগীয়া পদ সমূহৰ বাবে দিব সম্পূৰ্ণকৈ বিনামূলীয়াকৈ প্ৰশিক্ষণ । 

নাজিৰাৰ মহাবিদ্যালয় সমূহ ছাত্ৰ-ছাত্ৰী অধ্যাপক অধ্যাপিকাৰ সহাঁৰি পাই দ'লটোৱে ধন্যবাদ জ্ঞাপন কৰে ।