অসম মূলকৰ হোজাইত থকা এখন প্ৰাথমিক বিদ্যালয়ৰ ফোঁপোলা স্বৰূপ। প্ৰথমৰ পৰা প্ৰঞ্চম শ্ৰেনী লৈকে থকা বিদ্যালয় খনত আছে মাত্ৰ সাত গৰাকী শিক্ষাৰ্থী।

এই সাত গৰাকী শিক্ষাৰ্থীক শিক্ষা দিবলৈ চৰকাৰে নিয়োগ কৰিছে দুগৰাকী শিক্ষক। ডাঙৰীয়াবাড়ী প্ৰাথমিক বিদ্যালয় খনত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় গুনোৎসৱ। গুণগত মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে গুনোৎসৱ অনুষ্ঠিত কৰাৰ পিছদিনাই দেখা গল বিদ্যালয় খনৰ ফোঁপোলা স্বৰূপ।

বিদ্যালয় খনত থকা সীমিত ছাত্ৰ ছাত্ৰীয়ে আহিছে যদিও ৯-৩০ হৈ যোৱাৰ পিছতো বিদ্যালয় খনত নাই এজনো শিক্ষক। ইপিনে সাংবাদিক অহাৰ খবৰ পাই লৰালৰিকৈ ওলালহি প্ৰধান শিক্ষয়িত্ৰী। ৰান্ধনীৰ সৈতে মিলি কাৰ্যালয় খোলাৰ পিছত বিদ্যালয়ত উপস্থিত হোৱাত পলম হোৱাৰ যুক্তি দিলে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে।

অন্যহাতে সেই সময় লৈকে কিন্তু উপস্থিত হোৱা নাই আন গৰাকী শিক্ষক। ফলত শ্ৰেণীত শিক্ষক বিহীন বহি থাকিল ছাত্ৰ ছাত্ৰী।ইপিনে দ্বিতীয় শ্ৰেণীত নাই এজনো ছাত্ৰ ছাত্ৰী। মাহেকত মোটা অংকৰ দৰমহা পোৱাৰ পিছতো নিজৰ দায়িত্বৰ প্ৰতি পিঠি দিয়া এইসকল শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে ব্যৱস্থা নললে গুনোৎসৱে গুণগত মান উন্নত যে কৰিব নোৱাৰে এই বিদ্যালয় খনেই হৈছে জ্বলন্ত উদাহৰণ।