হোজাই জিলাৰ ৰেংবে কৃষি চক্ৰৰ অন্তৰ্গত ডবকাৰ চৰ্দাৰ গাঁৱত আজি হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক ৰাইজক লৈ শস্য চপোৱা , পথাৰ দিৱস পালন কৰা হয় ৷এই উপলক্ষে আয়োজিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে - মহকুমা কৃষি বিষয়া নগাঁওৰ ভদ্ৰ বৰাই ৷ সভাত উদ্বোধনী বক্তব্য প্ৰদান কৰে জিলা কৃষি বিষয়া পৰাগধৰ মহন্তই ৷ উল্লেখ্য যে, পোন প্ৰথমবাৰৰ হোজাই জিলাত চৰকাৰী কম্বাইন হাৰভেষ্টাৰ সেৱা মুকলি কৰা হয় ৷ গুৱাহাটী,নগাঁও আৰু হোজাই জিলা কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত সভা সম্পন্ন ৷ উল্লেখ্য যে, হোজাই জিলাৰ ৰেংবে কৃষি চক্ৰৰ অন্তৰ্গত ডবকাৰ চৰ্দাৰ গাঁৱত আজি হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক ৰাইজক লৈ শস্য চপোৱা পথাৰ দিৱস পালন কৰা হয়৷এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে - মহকুমা কৃষি বিষয়া নগাঁওৰ ভদ্ৰ বৰাই ৷সভাত উদ্বোধনী বক্তব্য প্ৰদান কৰে হোজাই জিলা কৃষি বিষয়া পৰাগধৰ মহন্তই৷উক্ত পথাৰ দিৱসত অথিতি হিচাপে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ প্ৰতিনিধি হিচাপে আকবৰ আলী উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷এই সভাত কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া ক্ৰমে- পৰাগধৰ মহন্ত, ড৹ মুনিন্দ্ৰ শৰ্মা, নিৰাজ ত্যাগী, ভদ্ৰ বৰাই বক্তব্য প্ৰদান কৰে৷সভাত এআইইউডিএফৰ যমুনামুখ সমষ্টি কমিটিৰ সভাপতি আব্দুল মন্নান , শ্বৰিফ উদ্দিন লস্কৰ , পংকজ বৰ্মন ,অবিনাশ কলিতা,ময়ূৰ তৃষ্ণা ৰাজখোৱা, ৰমজান আলী ভূঞা, আলতাফ হুছেইন লস্কৰ সহ বহুকেইজন ব্যক্তি উপস্থিত আছিল৷ সভাত জিলা কৃষি বিষয়া পৰাগধৰ মহন্তই খেতিয়ক ৰাইজক উদ্দেশ্যে কৰি কয়- খেতিয়কসকলে এতিয়াই ইঞ্চুৰেঞ্চ কৰিব পাৰিব আৰু চলিত ডিচেম্বৰ মাহতে কৃষকে প্ৰতি এক হেক্টৰৰ তলৰ মাটি খেতি কৰিলে এশ টকা ইঞ্চুৰেঞ্চ ওচৰৰ চি এছ পিত গৈ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ জৰিয়তে নিজৰ নিজৰ নাম অন্তৰ্ভক্ত কৰিব পাৰিব ৷উক্ত সভাত ভাষণ প্ৰসংগত কৃষক উপযুক্ত সন্মান দিয়াৰ আহ্বান জনায় যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ ৰাজনৈতিক সচিব আকবৰ আলীয়ে ৷ আলীয়ে লগতে কয়- একাংশ কৃষক ৰাইজে কৃষি ভূমিত পুখুৰী খান্দিছে ফলত খেতি মাটি দিনক দিনে কমি গৈছে ৷ লগতে কৃষি ভূমি সংৰক্ষণৰ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৷