নাজিৰা মহকুমাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত যোৱা ১০ ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস উপলক্ষ্যে ৰাজনীতি বিজ্ঞান বিভাগ আৰু বাণিজ্য বিভাগৰ যৌথ উদ্যোগত, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰসংঘই ২০২২ বৰ্ষৰ বাবে ঘোষণা কৰা 'স্বাভিমান , স্বাধীনতা আৰু সকলোৰে বাবে ন্যায়' শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হোৱা বিশেষ বক্তৃতানুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, সু সাহিত্যিক ড° সব্যসাচী মহন্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° পৱন কুমাৰ গগৈ। সমল ব্যক্তি ড° সব্যসাচী মহন্তই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত সংযুক্ত মানৱ অধিকাৰ ঘোষণাপত্ৰ ( ইউডিএইচআৰ )ৰ সাধাৰণ পৰিষদৰ অভিযোজন আৰু ঘোষণাক সন্মান জনাই প্ৰত্যেক বৰ্ষতে পালন কৰা দিৱসটোৰ ইতিহাস , বিষয়বস্তু আৰু তাৎপৰ্য্য, মানৱ অধিকাৰ সুৰক্ষা তথা শক্তিশালীভাৱে নিশ্চিত কৰা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু ঘোষণা ইত্যাদি সম্পৰ্কে তথ্য সমৃদ্ধ তথা চিন্তা-উদ্দীপক বক্তৃতা প্ৰদান কৰে ৷ ড° মহন্তই কয় যে এই নথিখনে জাতি , ধৰ্ম , বৰ্ণ আৰু লিংগ নিৰ্বিশেষে সকলো মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে এখন শান্তিপূৰ্ণ বিশ্ব গঢ়ি তোলাৰ ক্ষেত্ৰত ভেটি নিৰ্মাণ কৰিছে ৷ অন্যতম সমল ব্যক্তি ড° পৱন কুমাৰ গগৈয়ে সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা, প্ৰতিজন নাগৰিকৰ সমমৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে মৌলিক মানৱ অধিকাৰসমূহ, মৰ্যাদা , ন্যায় আৰু প্ৰতিজন ব্যক্তিৰ অধিকাৰ সুনিশ্চিত কৰিব পৰাকৈ মানৱ অধিকাৰ আয়োগক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা ইত্যাদি বিষয় সামৰি এক জ্ঞানগৰ্ভ বক্তব্য আগবঢ়ায়। ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মঞ্জুমণি গগৈ ধৰেও মানৱ অধিকাৰ সম্পৰ্কীয় বহুমূলীয়া বক্তব্যৰে অনুষ্ঠানটিৰ শোভা বৰ্দ্ধন কৰে৷ ৰাজনীতি বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক উপমা শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক অনিল তাঁতীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 । 07 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । मीन राशि । PISCES । Daily Horoscope
AAJTAK 2 । 07 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । मीन राशि । PISCES । Daily Horoscope
ભાજપના બે દિગ્ગજ નેતા શક્તિ પ્રદર્શન કરી અપક્ષ માં નોંધાવી ઉમેદવારી લેબજીજી ઠાકોર અને ભરત ધુખ
ભાજપના બે દિગ્ગજ નેતા શક્તિ પ્રદર્શન કરી અપક્ષ માં નોંધાવી ઉમેદવારી લેબજીજી ઠાકોર અને ભરત ધુખ
Sharad Pawar PC: MVA एक साथ बैठक के लिए जल्द Delhi जाएंगे- Sharad Pawar | Elections Results
Sharad Pawar PC: MVA एक साथ बैठक के लिए जल्द Delhi जाएंगे- Sharad Pawar | Elections Results