চৰাইদেউ জিলাৰ ৪৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান। 

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ চৰাইদেউ জিলাত আজি আনুষ্ঠানিকভাৱে ১০ খনকৈ স্কুটি প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অভিভাৱক মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মোহন,সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । চৰাইদেউ জিলাত মুঠ ৪৪৪ খন স্কুটি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰদান কৰা হয়। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত মন্ত্ৰী বিমল বৰায়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত মন্ত্ৰী যোগেন মোহনে কয় যে, এইবাৰ চৰাইদেউ জিলাৰ ৪৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আজিৰ অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, সোণাৰি পৌৰসভাৰ পৌৰপতি টিলক চন্দ্ৰ নেওগ,মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা,সোণাৰি বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল দে।