দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানা প্ৰাঙ্গণত থানা কমিটীৰ মাহেকীয়া সভাখন শুক্ৰবাৰে অনুষ্ঠিত হয়। থানা পৰিচালনা কমিটিৰ সভাপতি ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দৰং জিলা আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহাদেৱ হিৰাৰ লগতে শতাধিক গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক / সম্পাদিকা সকল উপস্থিত থাকে।সভাখন আৰক্ষী অধীক্ষক গৰাকীয়ে মাদক দ্ৰব্য , ড্ৰাগছ , তীৰ - জুৱা , চুৰি ডকাইতি , হত্যা - লুন্ঠন , নাৰী নিৰ্যাতন আৰু দুৰ্নীতি মুক্ত তথা সুৰক্ষিত দৰং গঢ়াৰ ক্ষেত্ৰত গাওঁ ৰক্ষী বাহিনী তথা সৰ্ব সাধাৰণ ৰাইজৰ সহায় সহযোগ কামনা কৰে
দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাত থানা কমিটীৰ মাহেকীয়া সভাত উপস্থিত থাকে দৰঙৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া।
