ৰেঙাম সোৱণশিৰি জেষ্ঠ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা

  সোৱণশিৰি অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ৰেঙাম সোৱণশিৰি জেষ্ঠ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে বিদায় সম্বৰ্দ্ধনা জনোৱা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞেশ্বৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনকেশ্বৰ গগৈক বিদ্যালয়,গণ্য মান্য ব্যক্তি, দল সংগঠন,প্ৰাক্তন ছাত্র,শিক্ষক সকলে গামোচা,ছাতি,জাপি,শৰাই, চেলেং,ধৰ্মীয় গ্ৰন্থ আৰু সম্বৰ্দ্ধনা পত্ৰৰে আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। 

বিদ্যালয় খনত প্ৰতিষ্ঠা কালৰে পৰা ২০২২ বৰ্ষলৈ সূদীৰ্ঘ ৩১ টা বছৰ শিক্ষকতাৰ জীৱনত বিদ্যালয়ৰ খনৰ কাৰণে নিষ্ঠা আৰু সততাৰে ছাত্র ছাত্ৰীসকলক শিক্ষাৰ পোহৰ দি অশেষ কষ্ট আৰু পৰিশ্ৰম কৰি বিদ্যালয়ৰ খনৰ উত্তৰণৰ কাৰণে কেনেধৰণে কাম কৰিছিল তাক স্মৰণ কৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।বিদায় সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনকেশ্বৰ গগৈয়ে নিজৰ জীৱনৰ কিছু চিৰ স্মৰণীয় দিনবোৰ উল্লেখ কৰাৰ লগতে অনাগত সময়ছোৱাত বিদ্যালয় খনৰ উন্নয়নৰ দিশত সকলোৱে সহযোগিতাৰে উত্তৰোতৰ কামনা কৰে।

এই সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন সিং, জ্যোতিপ্ৰসাদ পেগু,প্ৰধান শিক্ষয়িত্ৰী কল্পনা সেনাপতি, সোৱণশিৰি গাওঁ পঞ্চায়তৰ সভাপতি খণীন্দ্ৰ মেদক,পৰিচালনা সমিতিৰ সভাপতি শৰৎ মৰাং,সমাজকৰ্মী সূৰ্যকান্ত ৰাজখোৱাৰ লগতে কেইবাগৰাকীও দল সংগঠনৰ নেতা, শিক্ষক, অভিভাৱক আৰু গণ্য মান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।