দৰং জিলাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত শ্যামপুৰ বজাৰত বুধবাৰে বাল্য বিবাহ, মাদক দ্ৰৱ্য নিৱাৰন, নাৰী সৱলীকৰন আদিৰ ওপৰত শ্যামপুৰ আৰক্ষী থানাৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত  অনুষ্ঠিত সজাগতা সভাখনত দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ লগতে অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ মহিলাৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে৷ সভাখনত দৰং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে এখন অপৰাধমুক্ত  অঞ্চল হিচাবে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে নিজৰ নিজৰ অঞ্চলবোৰ যাতে ড্ৰাগছ মুক্ত হৈ থাকে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ আহবান জনায়৷ শ্যামপুৰ থানা কমিটিৰ সভাপতি মুছলীম উদ্দিনলৰ  সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত শ্যামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পিংকু শৰ্মা, দৰং জিলাৰ গাঁওৰক্ষী বাহিনীৰ   উপ-উপদেষ্টা মুকুট শইকীয়া,গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক কুশল মেধি,আৰু থানা কমেটিৰ সহকৰী সম্পাদক আব্দুল হাইৰ  লগতে দলগাঁও থানা কমেটিৰ সভাপতি ছাইফুদ্দিন আহমেদ, সহ সম্পাদক  কমল ভাণ্ডাৰি সহ বহুকেইজন বিশিষ্ট নাগৰিক উপস্থিত থাকে৷