দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ। ।যিটো ঘৰৰ লগত জড়িত অসমৰ সোনালী ইতিহাস। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি বিজৰিত এই ঘৰটোত। মাজুলী দক্ষিনপাট সত্ৰত শৰণ লৈ তিনিবাৰকৈ মাজুলী ভ্ৰমন কৰিছিল গোপীনাথ বৰদলৈয়ে। এই কাঠৰ ঘৰটোতে সভা পাতিছিল,শয়ন কৰিছিল আৰু এটা কোঠাত কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল।

ইয়াতে বহি ভাৰতৰত্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকীয়ে লেখা মেলাও কৰিছিল। যি সমূহ এতিয়াও ঘৰটোৰ ভিতৰত অনাদৃত হৈ পৰি আছে। কলিকতাৰ পৰা নৰদেৱ গোস্বামী সত্ৰাধিকাৰে তৈয়াৰ কৰি জাহাজেৰে আনি সত্ৰত নিৰ্মান কৰিছিল ঘৰটো। ঘৰটো ফলদিং অথাৎ খুলিব পাৰি। দুটা মহল এইঘৰটোত আছে ৪ টাকৈ কোঠা। ৰূপৰ টকা ৰখাৰ ভড়াল হিচাপে প্ৰথমচোৱাত ব্যৱহাৰ কৰা ঘৰটো পিছলৈ সভা সমিতি তথা বিশেষ ব্যক্তিসকলৰ আবাসৰ স্থান হিচাপে ব্যৱহাৰ কৰিছিল। কেৱল গোপীনাথ বৰদলৈ দেৱেই নহয় এইটো ঘৰত আছিল দেশভক্ত তৰুন ৰাম ফুকন, বহুকেইজন বৃট্টিছ চাহাব, প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ,বেনুধৰ শৰ্মা, পৰাগধৰ চলিহা, দেৱেশ্বৰ শৰ্মা আদি। মাজুলীৰ প্ৰথমো কাঠৰ ঘৰ দুশবছৰ গৰকা বহুতো ইতিহাসৰ সাক্ষী ঘৰটোৱে এতিয়া মৃত্যুৰ ক্ষন গনিছে।

আজি গোপীনাথ বৰদলৈ মৃত্যু তিথিত আমি দেখুৱাইছো এই বিশেষ ঘৰটো, য'ত বৰদলৈ দেৱৰ স্মৃতি বিজৰিত হৈ আছে। উপযুক্ত সংৰক্ষণৰ অভাৱত মৃত্যুৰ ক্ষন গনিছে ঘৰটোৱে ওৱলি গৈছে ভিতৰৰ সামগ্ৰীৰ লগতে বৃট্টিছ যুগৰ কাগজ পত্ৰ ,গোপীনাথ বৰদলৈ দেৱৰ বহুতো গুৰুত্বপূৰ্ণ কাগজ।