আজিৰ খবৰ, গুৱাহাটী , ৫ আগষ্ট, ২০২২ : ইতিহাসে ঢুকি পোৱা সময়ৰে পৰা ভাৰতীয় জনজীৱনত ভাতৃ - ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ সাক্ষী হিচাপে ৰক্ষা বন্ধনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । এগৰাকী ভাতৃক হাতত ৰাখী পিন্ধাই ভগ্নীয়ে ভগৱানৰ ওচৰত ভাতৃৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰা , ভাতৃয়েও ভগ্নীক যিকোনো বিপদ বিঘিনীত ৰক্ষা কৰাৰ অংগীকাৰ কৰা আদি বিষয়ে ভাৰতীয় জনজীৱনত প্ৰভাৱ পেলায় আহিছে । বিশেষকৈ হিন্দু ধৰ্মত পবিত্ৰ মাহ হিচাপে পৰিগণিত হৈ অহা শাওঁন মাহৰ পূৰ্ণিমা তিথিৰ প্ৰাকক্ষণত পৰম্পৰা অনুসৰি ৰক্ষা বন্ধন উৎসৱ পালন কৰি অহা হৈছে । আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ আদানী গ্রুপৰ কাৰ্যালয়ৰ সভাগৃহত আজি জি আই এ এলৰ উদ্যোগত আৰু ব্ৰহ্মকুমাৰীৰ সহযোগত ৰক্ষা বন্ধন উদযাপন কৰা হয় । এই উপলক্ষে জি আই এ এলৰ মানৱ সম্পদ বিকাশ শাখাৰ কাৰ্যবাহী অৰ্ণব চাংমাই আঁত ধৰা অনুষ্ঠানত বি কে ৰাকেশ ভাইয়ে ৰক্ষা বন্ধনৰ তাৎপৰ্য দাঙি ধৰি ধ্যান , আত্মা , জীৱন আদিৰ ওপৰত তত্বগধুৰ বাখ্যা আগবঢ়ায় । আনহাতে অনুষ্ঠানত বি কে শাৰদা বহন , বি কে সুপতা বহনকে ধৰি ব্ৰহ্মকুমাৰীৰ কেবাজনো কৰ্মকর্তা , ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যুগানি , বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা , বৰঝাৰ বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ ইউনিটৰ কমাণ্ডেণ্ট লালমোহন ঠাকুৰ , জি আই এ এল আৰু আদানী গ্রুপৰ কেবাজনো বিষয়া উপস্থিত থাকে । শেষত শলাগৰ শৰাই আগবঢ়াই আদানী গ্রুপৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীয়ে । আনহাতে ব্ৰহ্মকুমাৰীৰ ফালৰ পৰা ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যুগানি আৰু মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাক হাতত ৰাখী পিন্ধোৱাই ৰক্ষা বন্ধনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । উল্লেখযোগ্য যে কাৰ্যসূচীত বৰঝাৰ বিমানবন্দৰত বিভিন্ন বিভাগত কৰ্মৰত ১৫০ ৰো অধিক বিষয়া - কৰ্মচাৰী উপস্থিত থাকে আৰু ব্ৰহ্মকুমাৰীৰ ফালৰ পৰা সকলোকে মংগল কামনা কৰি হাতত ৰাখী পিন্ধোৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जावेद खान पठाण यांना जिवे मारण्याची धमकी.अकोला जिल्हा आर.टी.ओ.अधिकारी यांच्या पती ने दिली धमकी.
अकोला
जावेद खान पठाण यांना जिवे मारण्याची धमकी.अकोला जिल्हा आर.टी.ओ.अधिकारी यांच्या पती ने दिली...
पूर्व मंत्री मुकेश नायक के नेतृत्व मे पवई विधानसभा मे शुरू हुआ हाथ से हाथ जोड़ो अभियान!!
पूर्व मंत्री मुकेश नायक के नेतृत्व मे पवई विधानसभा मे शुरू हुआ हाथ से हाथ जोड़ो अभियान!!
Israel Hamas War:हमास के हमलों में बचे इसराइली किस तरह कर रहे हैं सदमे से उबरने की कोशिश?(BBC Hindi)
Israel Hamas War:हमास के हमलों में बचे इसराइली किस तरह कर रहे हैं सदमे से उबरने की कोशिश?(BBC Hindi)