ঘিলামৰাৰ দেউলিয়া গাওঁত খাটি মিঠাতেলৰ উদ্যোগ ''অসম ধাৰা''শুভাৰম্ভ।

নিজৰ গাঁঠিৰ ধন ভাঙি সম্পূৰ্ণ একক প্ৰচেষ্টাৰে উৎপাদন কেন্দ্ৰটো গঢ়ি তুলিছে ঘিলামৰাৰ এজন শিক্ষিত যুৱক যতীন দত্তই ।বহু কৰ্মসংস্থাপনহীন যুৱকৰ বাবে এই যুৱক জন হব পাৰে আদর্শস্বৰূপ।

ঘিলামৰা দেউলীয়া গাওঁত অৱস্থিত ''অসম ধাৰা'' নামৰ খাটি সৰিয়হ তেলৰ উৎপাদন কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।না না তৰহৰ ভেজাল খাদ্য সামগ্ৰীৰ লগতে ভেজাল মিঠাতেল মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কথা সৰ্বজনবিদিত হৈ পৰাৰ সময়তে ভেজাল মিঠাতেলক প্ৰত্যাহ্বান জনাই ঘিলামৰা দেউলীয়া গাওঁৰ উদ্যোগী যুৱক যতীন দত্তই স্থাপন কৰিছে ''অসম ধাৰা"" নামৰ খাটি সৰিয়হ তেলৰ উৎপাদন কেন্দ্ৰ।এই উৎপাদন কেন্দ্ৰটো শুভাৰম্ভ কৰে ঢকুৱাখনা বিধায়ক নৱ কুমাৰ দলে।।শুভাৰম্ভ অনুষ্ঠানত বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।।