বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া কলা সংস্কৃতিৰ মিলন ভূমি শ্বহীদ নগৰী বিশ্বৰ দৰবাৰত চিনাকি দি এক সমৃদ্ধিশালী গহপুৰ হিচাপে প্ৰতিষ্ঠিত কৰাৰ মানসেৰে মহকুমা প্ৰশাসনৰ উদ্যোগত পূৱ মণ্ডলৰ সৌজন্যত অনুষ্ঠিত হোৱা দ্বিতীয় কাৰ্য্যসূচী ভাগ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুবিয়া গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা হয় । অনুষ্ঠান ভাগত বন্তি প্ৰজ্বলন কৰে আদৰণি সমিতিৰ সভাপতি শ্ৰীযুত বিনন্দ শইকীয়া দেৱে । প্ৰতিযোগীতা খনৰ মঞ্চ উদ্ধোধন কৰে গহপুৰ মহকুমাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ বৰ্ডৰ অধ্যক্ষ শ্ৰীযুত নোমল বৰুৱা দেৱে । পুৱ মণ্ডলৰ সাংস্কৃতিক সমিতিৰ সভানেত্ৰী শ্ৰীযুতা দীপালী শইকীয়া পুজাৰী বাইদেউ আৰু উপ সভানেত্ৰী শ্ৰীযুতা শান্তি ৰাণী দেৱী বৰুৱা ৱাইদেৱৰ তত্বাৱধানত তথা পূৱ মণ্ডলৰ সভাপতি শ্ৰীযুত যুগল বৰা দেৱ,উপ-সভাপতি শ্ৰীযুত পৰাগ বৰা দেৱ, সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰশান্ত কাকতি আৰু সম্পাদক উপেন ভূঞা দেৱ, স্নিগ্ধা গোস্বামী, আদৰণি সমিতিৰ সম্পাদক শ্ৰীযুত তপন দত্ত, দীপক হাজৰিকাৰ লগতে সকলো কমিটীৰ বিষয় ববীয়া সকলোৰে সহযোগত অনুষ্ঠান ভাগ সুন্দৰ ভাৱে অনুষ্ঠিত হয় ।
#গহপুৰ_উৎসৱ ২০২৩ #পূৱ_মণ্ডল #দ্বিতীয়_কাৰ্য্যসূচী #ডুবিয়া_গাও_পঞ্চায়ত #ডুবিয়া_ৰঙ্গমঞ্চ #পঞ্চায়ত_কাৰ্য্যলয়
