আজি প্ৰধান মন্ত্রী গ্ৰাম চড়ক যোজনাৰ আঁচনিৰ অধীনত নাৰায়নপুৰ-শিলিখাগুৰি ৰ পৰা কমলপুৰ আৰু দকুৱা হৈ ধলপুৰ " ১০.৫৯ কিমি পথৰ ৭৩৯২৭৫৬০.০০টকা ব্যয় সাপেক্ষে হ’ব লগা নিৰ্মান কাৰ্যৰ শুভ উদ্ধোধন কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই ।
ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ পথটো নিৰ্মানৰ বাবে ধন আবন্টন দিয়াৰ বাবে বিহপুৰীয়া বাসী ৰাইজৰ হৈ বিধায়কগৰাকীয়ে চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন জনাই লগতে নিয়োজিত ঠিকাদাৰে পথটো উন্নত মানদন্ডৰে নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাই ।