চাংসাৰিত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা ____শীঘ্ৰে আৰম্ভ হব কুৰুৱা-নাৰেংগী সংযোগী দলঙৰ কাম 

বাইহাটা চাৰিআলিক গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্ভুক্ত কৰা হব

 আজি চাংসাৰীত জালুকবাৰী সমষ্টিৰ বিধায়কৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠান আজি সুকলমে অনুষ্ঠিত হৈ যায় । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ জালুকবাৰী সমষ্টিৰ প্ৰায় দুইহাজাৰৰো অধিক মেধা শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপনৰ লগতে বৃত্তি প্ৰদান কৰে । আজিৰ এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত জালুকবাৰী সমষ্টিত বিদ্যায়তনিক পৰিবেশ গঢ়ি উঠা বুলি উল্লেখ কৰি 

অহা বছৰত চাংসাৰীৰ এইমছ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বুলি জানিব দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সমষ্টিৰ চাংসাৰি আৰু ৰংমহলত দুখন চি বি এছ ই পাঠ্যক্ৰমৰ উচ্চ পৰ্যায়ৰ বিদ্যালয়ৰ আৰম্ভ কৰা হ'ব বুলি উপস্থিত ৰাইজৰ সন্মুখত সদৰি কৰে ৷ তদুপৰি শুৱালকুছিৰ পৰা পলাশবাৰী,উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী আৰু কুৰুৱাৰ পৰা নাৰেংগী সংযোগী দলং স্থাপনৰ কামো কম সময়ৰ ভিতৰত আৰম্ভ কৰা হব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কমলপুৰ আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ সংগমস্থলী বাইহাটা চাৰিআলিক গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্ভুক্ত কৰা হব বুলি নিজৰ ভাষণত সদৰি কৰে ৷ আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণীকি ভূঞা শৰ্মা,শিক্ষা উপদেষ্টা

ননীগোপাল মহন্ত, জিলা উপায়ুক্ত কীৰ্তি জল্লী,মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী,ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা, অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী, ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷