দলগাৱঁত বিকলাংগ পৰিষদৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস পালন, চৰকাৰক মাহেলি ভাট্টা তিনি হাজাৰ টকালৈ বৃদ্ধিৰ দাবী

সমগ্ৰ দেশৰ লগত সংগতি ৰাখি দৰঙৰ দলগাৱঁত পালন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস। দলগাওঁ আঞ্চলিক বিকলাংগ উন্নয়ন পৰিষদৰ উদ্যোগত শনিবাৰে দলগাৱঁত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয়। অনুষ্ঠানটিত দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, খাৰুপেটীয়া মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক জাকিৰ হুছেইন, ডাঃ ৰফিকুল ইছলাম আনছাৰী, আব্দুল ছাত্তাৰ, ছাইদুৰ ৰহমান আদি বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। পৰিষদৰ সাধাৰণ সম্পাদক আব্দুল ওৱাহাবে স্থানীয় বিধায়কক দলগাওঁ বিকলাংগ পৰিষদ কেন্দ্ৰটোৰ বাউণ্ডাৰী ৱাল আৰু কাৰ্যালয় গৃহ নিৰ্মাণ কৰি দিয়াৰ দাবী জনায়। লগাতে চৰকাৰক মহিলী ভাট্টা তিনি হাজাৰ টকালৈ বৃদ্ধিৰ দাবী জনায়।