মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত অসমৰ স্বাৰ্থত চৰকাৰী বিভাগ সমূহক কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো একাংশ বিভাগৰ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি দৰং জিলাৰ পাথৰিঘাট কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত পি এম কিষাণ আঁচনিৰ ই কে ৱাই চি সংযোগৰ নামত প্ৰতিগৰাকী লোকৰপৰা ১০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হেটামতোলা গাঁৱৰ গাঁওপ্ৰধান আৰু পাথৰিঘাট কৃষি মহকুমা বিষয়াৰ কাৰ্যালয় অধীনৰ চহৰীয়া উপাধীৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ প্ৰণিধানযোগ্য যে ,ৰাজ্য চৰকাৰৰ কৃষি বিভাগে 

পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী সকলক ই কে ৱাই চি সমূহীয়া সেৱা কেন্দ্ৰত (চিএছচি) ১৫ টকা মাচুল দি এই সুবিধা সমূহ গ্ৰহণ কৰিবলৈ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে আহ্বান জনাইছিল যদিও জিলা কৃষি বিভাগৰ নিৰবতাৰ সুযোগ লৈ এতিয়া একাংশ কৰ্মচাৰী,গাঁও প্ৰধান আৰু অন লাইন ব্যৱসায়িক প্ৰতিষ্ঠানে আধাৰ সংলগ্ন কৰাৰ নামত এশৰপৰা দুশ টকা পৰ্যন্ত্য আদায় কৰিছে ।