অসম দিৱসৰ দিনা সোনাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গক প্ৰদান কৰিব সাংস্কৃতিক সমন্বয় বঁটা।২ ডিচেম্বৰত অসম দিৱসৰ দিনা সোনাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গক প্ৰদান কৰিব সাংস্কৃতিক সমন্বয় বঁটা।

অসমৰ সংগীত জগতৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গক প্ৰথমবাৰৰ বাবে সমন্বয় সাংস্কৃতিক বঁটা ৰ বাবে নিৰ্বাচন কৰিছে। অসমৰ অন্যতম জাতীয় সংগঠন জাতীয়তাবাদী যুৱ ছাত্ৰ

 পৰিষদে জুবিন গাৰ্গক প্ৰদান কৰিব এই বঁটা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত প্ৰতি

 বছৰে ২ডিচেম্বৰত কেন্দ্ৰীয় ভাৱে চুকাফা দিৱস আয়োজন কৰি আহিছে। বিগত বৰ্ষৰ দৰে চুকাফা দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ সামাজিক সাংস্কৃতিক শৈক্ষিক আদি দিশত অগ্ৰণী ভুমিকা পালন কৰি অহা বিশিষ্ট ব্যক্তি সকলৰ এগৰাকীক নিৰ্বাচিত কৰি প্ৰতি বছৰে চুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে প্ৰথম বছৰ চুকাফা সমন্বয় সাংস্কৃতিক বঁটাৰ বাবেঅসমৰ খ্যাতনামা সংগীত শিল্পী জুবিন গাৰ্গক নিৰ্বাচিত কৰা হৈছে। অহা ২ডিচেম্বৰত চৰাইদেউ জিলাৰ সদৰ সোনাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা চুকাফা দিৱসত এই বঁটা প্ৰদান কৰিব। এই বঁটাৰ লগত থাকিব এখন মানপত্ৰ স্মাৰকৰ লগতে একলাখ টকা মাননী হিচাবে আগবঢ়োৱা হ'ব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়ে।