আজি নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ৰ এনএচএচ গোটৰ উদ্যোগত বিশ্ব এইডচ দিৱস উদযাপন কৰা হয় । শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ এনএচএচ গোটৰ উদ্যোগত আৰু ইক' ক্লাৱ , আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ১ ডিচেম্বৰ তাৰিখে বিশ্ব এইডচ দিৱস উপলক্ষ্যে এখনি সজাগতামূলক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ প্ৰাৰম্ভতে মহাবিদ্যালয়ৰ
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
এনএচএচ গোটৰ কাৰ্যক্ৰম বিষয়া তথা অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° ৰিমঝিম বৰাই 'বিশ্ব এইডচ দিৱস' ৰ তাৎপৰ্য তথা সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে এইডচ সম্পকীয় সজাগতা আৰু সৰ্তকতামূলক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। সমল ব্যক্তি হিচাপে মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত কোঁৱৰে 'সুস্থ জীৱন যাপনৰ এক সামগ্ৰিক দৃষ্টিভংগী' শীৰ্ষক বিষয়ত আৰু ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° চিৰন্তন ভাগৱতীয়ে 'আৰ্থ-সামাজিক দিশ আৰু এইচআইভি-এইডছৰ উত্থানত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ' শীৰ্ষক বিষয়ত মননশীল, তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। সমল ব্যক্তি দিগন্ত কোঁৱৰে সুস্থ জীৱন যাপনৰ বাবে শাৰীৰিক, মানসিক, আৱেগিক সামাজিক, আধ্যাত্মিক, বৌদ্ধিক আদি সকলো দিশৰে সুস্থতাৰ প্ৰয়োজনীয়তা, সম্প্ৰতি বৃদ্ধি পোৱা মানসিক অস্থিৰতা, শাৰীৰিক দুৰ্বলতা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাসৰ কাৰণ, সুস্থ জীৱন-যাপনৰ বিভিন্ন কৌশল, খাদ্য গ্ৰহণৰ বিধি ইত্যাদি দিশ সামৰি এক তথ্যসমৃদ্ধ, মনোগ্ৰাহী বক্তৃতা আগবঢ়ায়। অন্যতম সমল ব্যক্তি ড° চিৰন্তন ভাগৱতীয়ে বিশ্ব এইডছ দিৱসৰ তাৎপৰ্য, উদযাপনৰ গুৰুত্ব, এই বৰ্ষৰ মূল বিষয় 'সমতা' অৰ্থাৎ এইডচ আক্ৰান্তসকলক অন্যান্য সকলো ব্যক্তিৰ সৈতে সম গুৰুত্ব প্ৰদান কৰা, প্ৰাকৃতিক দুৰ্যোগ, প্ৰব্ৰজন, অভাৱ-অনাটন, মানৱ সৰবৰাহ, অনৈতিক কাৰ্য-কলাপ বৃদ্ধি আদি বিভিন্ন আৰ্থ-সামাজিক দিশত আৰু এইচআইভি-এইডছৰ উত্থানত জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ ইত্যাদি সম্পৰ্কে বিশদ আলোচনা আগবঢ়ায়। মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী, কৰ্মচাৰী, এনএচএচ গোটৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা আদিৰ সক্ৰিয় অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়াই এনএচএচ গোটৰ কাৰ্য্যক্ৰম বিষয়া ড° ৰিমঝিম বৰাই।