সোণোৱালী পথাৰত এতিয়া সোণগুটি বুটলাৰ সময় । হেঁপাহৰ পথাৰত চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ । গাঁৱে ভূঞে পুৰুষ মহিলাসকল ব্যস্ত লখিমীক ঘৰলৈ আদৰাৰ বাবে । এই দৃশ্য ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙৰ মাহমৰা গাঁৱৰ । হাতত কাচি লৈ সোণগুটি চপোৱাত ব্যস্ত মাহমৰা গাঁৱৰ দাৱনীসকল। হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ । মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনিয়ে যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ । আনপিনে দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল । হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ । ইফালে ব্যস্ততাৰ মাজতো পথাৰতে বহি নিমখ - জলকীয়াৰে ৰবাব টেঙাৰ জুতি লৈছে মাহমৰা গাঁৱৰ দাৱনীসকলে । তাৰ মাজে মাজে কথা আৰু হাঁহিৰ মহলা । কোনোৱে আকৌ বিহু মাৰি প্ৰকাশ কৰিছে মনৰ আনন্দ। এয়াই এতিয়া ৰাজ্যৰ আঘোণা পথাৰৰ ব্যস্ততা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: फाइनल राउंड से पहले मुस्लिम आरक्षण पर तेज हुई जंग, विपक्ष ने उठाए सवाल
Lok Sabha Election 2024: फाइनल राउंड से पहले मुस्लिम आरक्षण पर तेज हुई जंग, विपक्ष ने उठाए सवाल
DP Abhushan BSE Listing News: सालभर में 250% की तूफानी तेजी के बाद अब शेयर की BSE पर लिस्टिंग
DP Abhushan BSE Listing News: सालभर में 250% की तूफानी तेजी के बाद अब शेयर की BSE पर लिस्टिंग
अनिता के छह टुकड़े करने वाले गुलामुद्दीन ने फिर किया ऐसा सनसनीखेज खुलासा
अनिता चौधरी हत्याकाण्ड की गुत्थी सुलझाने के मामले में पुलिस को एक पखवाड़े बाद भी सफलता मिलती नहीं...
मोरान नेहरू हिन्दी विद्यालय की विशाल तिरंगा रैली
मोरान नेहरू हिन्दी विद्यालय की विशाल तिरंगा रैली
देश के आजादी के 75 वर्ष पुरे होने के...
Petrol Diesel Price Today: कंपनियों ने अपडेट किए पेट्रोल-डीजल के दाम, जानिए आपके शहर में क्या है लेटेस्ट रेट्स
नई दिल्ली, बिजनेस डेस्क। सरकारी तेल कंपनियों की ओर से रविवार को पेट्रोल-डीजल के दाम अपडेट...