সোণোৱালী পথাৰত এতিয়া সোণগুটি বুটলাৰ সময় । হেঁপাহৰ পথাৰত চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ । গাঁৱে ভূঞে পুৰুষ মহিলাসকল ব্যস্ত লখিমীক ঘৰলৈ আদৰাৰ বাবে । এই দৃশ্য ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙৰ মাহমৰা গাঁৱৰ । হাতত কাচি লৈ সোণগুটি চপোৱাত ব্যস্ত মাহমৰা গাঁৱৰ দাৱনীসকল। হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ । মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনিয়ে যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ । আনপিনে দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল । হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ । ইফালে ব্যস্ততাৰ মাজতো পথাৰতে বহি নিমখ - জলকীয়াৰে ৰবাব টেঙাৰ জুতি লৈছে মাহমৰা গাঁৱৰ দাৱনীসকলে । তাৰ মাজে মাজে কথা আৰু হাঁহিৰ মহলা । কোনোৱে আকৌ বিহু মাৰি প্ৰকাশ কৰিছে মনৰ আনন্দ। এয়াই এতিয়া ৰাজ্যৰ আঘোণা পথাৰৰ ব্যস্ততা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বালিপৰাৰ দিঘলী বালিজান,দিঘলী,ঢেকেৰিগাওঁ, বালিপৰা সমবায় সমিতি কাৰ্য্যলয়ৰ চৌহদত জৰাসৰ নৈৰ বাঢ়নী পানী
বালিপৰাৰ দিঘলী বালিজান,দিঘলী,ঢেকেৰিগাওঁ, বালিপৰা সমবায় সমিতি কাৰ্য্যলয়ৰ চৌহদত জৰাসৰ নৈৰ বাঢ়নী পানী
राष्ट्रीय खाद्य सुरक्षा के लिए 30 जून के पहलेकरानी होगी ई केवाईसी
राष्ट्रीय खाद्य सुरक्षा के लिए 30 जून के पहलेकरानी होगी ई केवाईसी
Priyanka Gandhi Covid-19 Positive: प्रियंका गांधी फिर कोरोना पॉजिटिव |
Priyanka Gandhi Covid-19 Positive: प्रियंका गांधी फिर कोरोना पॉजिटिव |
Bharat का नाम लेकर Israel का हैरान करने वाला बयान | Israel on India | Israel air strike |
Bharat का नाम लेकर Israel का हैरान करने वाला बयान | Israel on India | Israel air strike |
Vivo V30 series की लॉन्च डेट को लेकर सामने आया अपडेट, इस दिन एंट्री करेंगे दो नए Smartphone
Vivo V30 series को लेकर मार्केट में लंबे समय से चर्चा है। मालूम हो कि वीवो की अपकमिंग वी सीरीज...