অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বকতা পাৰিজাতত অনুষ্ঠিত হ'ব লগীয়া অসম দিৱসৰ প্ৰস্তুতিৰ বুজ ল'লে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। অহা ২ ডিচেম্বৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জিলা প্ৰশাসন আৰু বকতা খালৈঘুগুৰা বাসীৰ সহযোগতঅনুষ্ঠিত হ'ব লগীয়া অসম দিৱসৰ প্ৰস্তুতি তুংগত হৈ উঠিছে। এই প্ৰস্তুতিৰ বুজ লবলৈ মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন বকতা পাৰিজাতত উপস্থিত হয় । মন্ত্ৰীজনে কাৰ্য্যসূচীৰ বাবে নিৰ্মান কৰা মঞ্চ মণ্ডপ পৰিদৰ্শন কৰাৰ লগতে সাংস্কৃতিক দল সমুহৰ আখৰাও পৰ্য্যবেক্ষণ কৰে । মন্ত্ৰীজনৰ লগতে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰ গোঁহাই আৰু টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমৰ বড়াই অসম দিৱসৰ প্ৰস্তুতিৰ বুজ লয়।