অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লবলৈ নাৰায়ণপুৰস্থিত আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় লখিমপুৰ প্ৰেছ ক্লাবৰ এটা সাংবাদিকৰ দল ৷ আদৰণি সমিতিৰ  আৰু উপ-সমিতিৰ একাংশ বিষয়ববীয়াৰ পৰা অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ সাংবাদিকৰ দলটোত প্ৰেছ ক্লাবটোৰ সভাপতি কুমুদ বৰুৱা , সম্পাদক কৰুনাকৃষ্ণ নাথ , জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱা , কুমুদ শইকীয়া আৰু দীপেন বৰা উপস্থিত থাকে ৷