"ধৈৰ্য্যই মানুহৰ নিয়ন্ত্ৰণৰ ক্ষমতা বৃদ্ধি কৰে আৰু এই নিয়ন্ত্ৰণ ক্ষমতাই মানুহৰ বহুত সমস্যা সমাধান কৰে। এজন খঙাল মানুহে আন এজনক গালি পাৰিলে ইজনে যদি অলপ ধৈৰ্য্য ধৰি কিবা এটা ক'ব বিচাৰে নিশ্চয় ভাল কথা এটা মনলৈ আহিব । যিটো কথাই খঙাল মানুহজনৰ খং নাইকিয়া কৰিব পাৰে। ফলত এটা সুস্থ পৰিৱেশ গঢ় লৈ উঠিব।"

যোৱা ২৬ নবেম্বৰৰ সন্ধিয়া মৰাণত অনুষ্ঠিত হোৱা অঞ্চলটোৰ সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ১৯৫ সংখ্যক বৈঠকত মুখ্য আলোচক হিচাপে ভাগ লোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ প্ৰাধ্যাপক, সাহিত্যিক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে এনে দৰে কয়। যুৱ প্ৰজন্মৰ নৈতিকতা বিকাশত সমাজৰ ভূমিকা " শীৰ্ষক আলোচ্য বিষয়ৰ ওপৰত ভাষণ আগবঢ়াই বক্তা গৰাকীয়ে লগতে কয় যে এজন যুৱক বা যুৱতীক ভাল পথলৈ আনিবলৈ হলে তেওঁলোকক আনৰ জীৱনৰ উন্নতি কাৰণে কাম কৰিবলৈ শিকাব লাগিব। এনে কামৰ জড়িয়তে যুৱক বা যুৱতী গৰাকীয়ে সমাজত গুৰুত্ব পাব। যি গুৰুত্বই যুৱক -যুৱতী সকলৰ মনত উৎসাহ জগাই তুলিব। উশৃংখল যুৱক - যুৱতী সকলক সঠিক পথলৈ আনিবলৈ হলে নৈতিক জ্ঞানৰ উপদেশ দিয়াতকৈ আনৰ জীৱনৰ উন্নতিৰ জৰিয়তে আনৰ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ শাৰীলৈ কেনেকৈ আহিব লাগে সেইকথাহে কব লাগিব বুলি বক্তা গৰাকীয়ে কয়। কাৰণ এনে গুৰুত্বই ছাত্ৰ - ছাত্ৰীৰ নৈতিক বিকাশত অৰিহণা যোগায়।

শিক্ষক-শিক্ষয়িত্ৰী সকলক উদ্দেশ্যি বৰগোহাঁয়ে কয় যে শাস্তি প্ৰদানেৰে কোনো লোকক ভাল পথলৈ আনিব নোৱাৰে। গতিকে বেয়া কামত জড়িত হোৱা ছাত্ৰ - ছাত্ৰী সকলক খং নকৰি মৰমেৰে বুজালে, গঠনমূলক দিশত চিন্তাৰ উন্মেষেৰে নিশ্চয় শুদ্ধ পথলৈ আনিব পৰা যাব। মৰাণৰ এল এল ডাঞ্চ ষ্টুডিঅ' বৰুৱা ভৱনত মৰাণ কুশল নগৰৰ নিবাসী বিশিষ্ট সমাজ কৰ্মী অসীম বৰুৱাৰ পৰিয়ালৰ আতিথ্যত অনুষ্ঠিত হোৱা জোনাকী মেল খন শান্তিপুৰ মহিলা সমিতিয়ে পৰিৱেশন কৰা এটি দিহা নামেৰে শুভ উদ্বোধন কৰা হয়। বিশিষ্ট সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰাই বৰমেলুৱৈ কৰা বৈঠক খনৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা সাংবাদিক বাছা বৰাই।

একেটা বিষয়ৰ ওপৰতে বক্তব্য আগবঢ়ায় বিশিষ্ট লেখক ডাঃ বিৰিঞ্চি কুমাৰ গগৈ, লেঙেৰী কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈ আৰু বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যলয়ৰ অধ্যক্ষা অৰুণিমা দাসে। গীত পৰিৱেশন কৰি বৈঠক খন সজীৱ কৰি তোলে ময়ুৰ বুঢ়াগোহাঁই আৰু তেজস্বী গগৈয়ে। শতাধিক ৰাইজ সমবেত হোৱা বৈঠক খনত, সমাজকৰ্মী সত্যৰঞ্জন বুঢ়াগোহাঁই , ভূপেন নাথ, ৰঞ্জুমণি বৰা, উত্তম দেউৰী, শৈলেন কলিতা, নমিতা দত্ত, মুনিন ওজা, প্ৰবীণ কোঁৱৰ, জ্যোতি দেউৰী, ৰাণু গগৈ, নীলাক্ষী বৰুৱা, গোবিন গগৈ, বিতুপন বৰা, লাবণ্য কলিতা, অঞ্জুশ্ৰী ফুকনকে মুখ্য কৰি বহু কেইজন গুণী -জ্ঞানী ব্যক্তি উপস্থিত আছিল। শেষত বাছা বৰাই শলাগৰ শৰাই আগবঢ়োৱা পাচতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচী সামৰণী মৰা হয়।