মৰিগাঁও জিলা কৃষি বিভাগে বানাক্ৰান্ত কৃষকক উন্নত জাতৰ গছ কঠীয়া, বীজ, কৃষি সজুলি আৰু মহিলা আত্মসহায়ক গোটক ফুডাৰ মেচিন বিতৰণ কৰে।
জিলা কৃষি বিষয়া ইন্দ্ৰমোহন তালুকদাৰ, মহকুমা কৃষি বিষয়া অশোক শৰ্মা, উদ্যান শস্য বিভাগৰ নদেল বিষয়া উদ্ধৱ ডেকাৰ উপস্থিতিত কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাই আত ধৰা অনুষ্ঠানতে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই হিতাধিকাৰী সকলক সামগ্ৰী সমুহ বিতৰণ কৰি কৃষি বিভাগে আগবঢ়োৱা সুবিধাৰ সঠিক ব্যৱহাৰৰ জৰিয়তে জাতীয় অৰ্থনীতি টনকিয়াল কৰাৰ আহ্বান জনাই। ঔজাৰী কৃষি পামত অনুষ্ঠিত কৃষি সামগ্ৰী বিতৰণ অনুষ্ঠানত কেইবাগৰাকীও আগশাৰীৰ কৃষকে অংশগ্ৰহণ কৰে।
 
  
  
   
   
  