সোণাৰিৰ কাকতিবাৰীত আইৰণ টেবলেট খোৱাৰ পিছত অসুস্থ হৈ পৰিল একাংশ ছাত্ৰ ছাত্ৰী
সোণাৰিত অঘটন।মাহমৰাৰ ৮৮৬ নং নির্মলীয়া প্ৰাথমিক বিদ্যালয়ত আইৰন টেবলেট খাই ৰোগাক্ৰান্ত ২৬ গৰাকী ছাত্ৰ।বিদ্যালয় খনত চিকিৎসা কৰ্মীয়ে যোগান ধৰা আইৰন টেবলেট গ্ৰহণ কৰাৰ পাছতেই পেটৰ বিষৰ লগতে অন্যান্য ৰোগৰ লক্ষনে দেখা দিয়ে ছাত্ৰ ছাত্ৰীসকলক।আক্রান্ত ছাত্ৰ ছাত্ৰী বৰ্তমান আৰক্ষীৰ সহযোগত সোণাৰি জিলা অসামৰিক চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰি থকা হৈছে।