বিশ্বনাথ নগৰত ই ৰিক্সা সমূহে নগৰখনত এক বিশৃংখল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে নগৰখনত তীব্ৰ যান জতৰ সমস্যা সৃষ্টি হৈছে। যাৰ বাবে বিশ্বনাথ চাৰিআলিৰ বাসিন্দা সকলে বহু অসুবিধাৰ সণ্মূখীন হব লগিয়া হৈছে।
ইয়াৰ এক মাত্ৰ কাৰন হ'ল যে বিশ্বনাথ নগৰত পৌৰ সভাৰ তৰফৰ পৰা কেবল ৫২০ ই ৰিক্সা চলাচল কৰিবলৈহে অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে।কিন্তু বিশ্বনাথ নগৰত বৰ্তমান অসমৰ বিভিন্ন স্থান যেনে ধুবুৰী, নগাঁওৰ বৰপেটা ,তেজপুৰ অথবা বিশ্বনাথৰ বাহিৰৰ মানুহ আহি বিশ্বনাথ নগৰত ই-ৰিক্সা চলাই থকাৰ লগতে তেনে এজন এজন লোকে কেইবাখনো ইৰিক্সা কিনি আনক ভাড়া দি আহিছে। যাৰ ফলত বিশ্বনাথৰ স্থায়ী ই ৰিক্সা চালক সকল সমস্যাত পৰাৰ লগতে বিশ্বনাথতো এক বিশৃংখল পৰিবেশৰ সৃষ্টি কৰিছে।এই সমস্যা সমাধানৰ বাবে কিছু দিন পূৰ্বে বিশ্বনাথ চাৰিআলি পৌৰ সভা কক্ষত এখন সভা অনুষ্ঠিত হয়।এই সভাত বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিশ্বনাথ জিলাৰ পৰিবহন বিষয়া উমেচ চন্দ্ৰ শৰ্মা,বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ কাৰ্যবাহী বিষয়া দেবাচিশ গোশ্বামী,বিশ্বনাথ চাৰিআলি পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড সদস্য আৰু বিশ্বনাথ চাৰিআলি ই ৰিক্সাৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াৰ উপস্হিতিত এই সভা অনুষ্ঠিত কৰা হৈছিল।
এই সভাত সৰ্ব সন্মতি ক্ৰমে কেইটামান সিদ্ধান্ত গ্ৰহন কৰা হয়যে চাৰিআলি পৌৰ সভাই অনুজ্ঞা প্ৰদান কৰা স্থায়ী লোকেহে নগৰত ই ৰিক্সা চলাব পাৰিব লগতে ৰেজিষ্টেচন,লাইচেঞ্চ ইত্যাদি থকা লোকেহে বিশ্বনাথ নগৰত ইৰিক্সা চলাব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।লগতে এসপ্তাহৰ ভিতৰত বিশ্বনাথৰ বাহিৰৰ ই ৰিক্সা চালক সকলক বিশ্বনাথ চাৰিআলি এৰি নিজ চহৰত উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছিল।বিশ্বনাথ নগৰত কেবল পৌৰসভাই অনুজ্ঞা পত্ৰ প্ৰদান কৰা ইৰিক্সা সমূহে চলিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।যাৰ বাবে বিশ্বনাথ নগৰত চলিব লগিয়া অথবা অনুজ্ঞা পত্ৰ থকা ৫২০ টা ইৰিক্সাক চিনাক্ত কৰনৰ কতৃত্ব সভাই ই ৰিক্সা সন্থাক প্ৰদান কৰিছিল।সেইহে আজি বিশ্বনাথ নগৰস্থিত চন্দ্ৰপুৰ বাকৰিত বিশ্বনাথ চাৰিআলি ই ৰিক্সা সন্থাই নিজ সন্থাৰ তৰফৰ পৰা সেই ৫২০ টা ইৰিক্সা চালকক সন্থাৰ পৰিচয় পত্ৰ প্ৰদান কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ দ্বাৰা বিশ্বনাথৰ নগৰৰ ৰাজপথত চলিব লগিয়া ৫২০ টা ই ৰিক্সা চালকক চিনাক্ত কৰি পৰিচয় পত্ৰ প্ৰদান জৰা হয়।