মঙ্গলদৈ -২৫ নবেম্বৰ:: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোট, দৰং ৰ উদ্যোগত (DMMU, ASRLM, Darrang)আজি গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আৰছেটি দৰং ৰ বেজপাৰা স্হিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত এখন জিলা পৰ্যায়ৰ বেংকাৰ্ছ অৰিয়েণ্টছন সভা অনুষ্ঠিত হয়। উক্ত সভাখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰকল্প সঞ্চালক, জিলা গ্ৰামোন্নয়ন অভিকৰণ, দৰং ৰ ৰমেন চন্দ্ৰ মালাকাৰে | তেওঁ উদ্বোধনী ভাষণত আত্মসহায়ক গোটসমূহৰ লগতে কৃষি আৰু অন্যান্য অগ্ৰাধিকাৰ খণ্ডত গ্ৰামীণ জীৱিকা অভিযানৰ আঁচনি সমূহৰ উপযুক্ত ৰূপায়নৰ বাবে জিলাখনৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেঙ্ক সমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি মূল উদ্দেশ্য বুলি উল্লেখ কৰে।আনহাতে আজিৰ সভাখনে উপস্হিত থকা বেংকৰ বিষয়া আৰু প্ৰতিনিধি সকলৰ জৰিয়তে এক ইতিবাচক সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্য সমল ব্যক্তি ৰূপে উপস্হিত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰীতম কাশ্যপে (প্ৰকল্প পৰিচালক,বীমা আৰু পেঞ্চন) জীৱিকা অভিযানৰ কাৰ্যক্ৰমণিকা আৰু বেঙ্কৰ ভুমিকা সম্পৰ্কে বিস্তাৰিতভাৱে বাখ্যা ও উপস্হাপন কৰে। অসম গ্ৰামীণ বিকাশ বেঙ্কৰ আঞ্চলিক প্ৰবন্ধক ৰাম কৃষ্ণ শৰ্মা, নাৱাৰ্ডৰ জিলা উন্নয়ণ প্ৰবন্ধক অভিষেক বৰুৱা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক পল্লৱ জ্যোতি কোৱঁৰ, জ্যোতি ৰেখা বেজবৰুৱা (ডিএফই, বিত্তীয় সংযোজন) আৰু দিগন্ত ৰাজবংশীয়ে (খণ্ড সমন্বয়ক) বিভিন্ন দিশৰ উপস্হাপন আগবঢ়ায়। আজিৰ সভাত আৰছেটিৰ সঞ্চালক বিজয় শৰ্মা আৰু কৰ্মী বৃন্দ , গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোট আৰু খণ্ড অভিযান পৰিচালনা গোটৰ বিষয়া ,কৰ্মী সকলো উপস্হিত থাকে। সভাৰ আৰম্ভণিতে আমন্ত্ৰিত অভ্যাগত সকলক উদ্যোক্তা সকলৰ দ্বাৰা আদৰণি জনোৱা হয় । সভাখন সাফল্য মণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা আটাইলৈ জিলা অভিযান পৰিচালনা গোটৰ হৈ শলাগ ও কৃতজ্ঞতা জ্ঞাপন কৰে দিপীকা শইকীয়াই(ডিএফই ,দক্ষতা)|
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं