দৰঙৰ খাৰুপেটীয়াৰ পূৱে পশ্চিমে ৰাষ্ট্ৰীয় ঘাইপথত থকা নিমতলি আৰু টাংনি দলং দুখন জহি খহি যোৱাত বিপদজনক ভাৱে পাৰ হৈছে যানবাহন।

দলঙৰ মাজত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সমূহৰ বাবে দৈনিক সংঘটিত হবলৈ ধৰিছে পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা খাৰুপেটীয়া- দলগাওঁ হৈ তেজপুৰলৈ যোৱা‌ ঘাইপথৰ এনে অৱস্থাই আতংকিত কৰি তুলিছে বাহন চালক সকলক। পুখুৰী সদৃশ গাঁত বোৰৰ বাবে যি কোনো মূহুৰ্তত সংঘটিত হব পাৰে সাংঘাটিক পথ দুৰ্ঘটনা। অতি শীঘ্ৰেই দলং দুখনৰ মেৰামতিৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ গাঁত বোৰ মেৰামতি কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।